নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱিত অৱস্থাত আছে ONGCৰ অপহৃত ৰিতুল শইকীয়া : DGP ভাস্কৰজ্যোতি মহন্ত

 

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ ONGC ৰ অপহৃত বিষয়া ৰিতুল শইকীয়া জীৱিত অৱস্থাত আছে। এই ঘোষণা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়, “আলফাৰ জীম্মাত জীৱিত অৱস্থাত আছে ৰিতুল শইকীয়া। তেওঁক উদ্ধাৰৰ বাবে আমাৰ অভিযান চলি আছে। খবৰৰ মতে আমি লোকেশ্বন পাই আছো। কিন্তু কন্যাক ইউনিয়নে আলফাক কঠোৰ সকীয়নি দিছে। তেওঁলোক অসম- নাগালেণ্ড সীমান্তৰ মালিয়াকছু নামৰ এক ঠাইত আবদ্ধ হৈ আছে।”

ইপিনে বিহুৰ দিনাই এজন অসমীয়া যুৱকক অপহৰণ কৰি আলফাই কোনো বিৰত্তৰ কাম কৰা নাই বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আলফাক জীৱন্ত অৱস্থাত বিষয়াজনক ঘূৰাই দিবলৈ আহ্বান জনায়।

 

 

You might also like