নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অব্যাহত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানঃ নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ 

বিশেষ বাৰ্তা , ৩ মাৰ্চঃ নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি বিয়লি অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। হয়বৰগাঁও আৰক্ষী চকীৰ উপ-পৰিদৰ্শক উৎপল বৈশ্যৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আজি বিয়লি নগাঁও চহৰৰ পাশ্বৱতী এলেকা শিমলুগুৰিত অভিযান চলাই নজমুল ইছলাম (৪৩) নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা ২৫ টা হেৰোইন ভৰ্ত্তি কণ্টেনাৰ , নগদ ৪৫,২০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ যে নজমুলে দীৰ্ঘদিন ধৰি শিমলুগুৰি এলেকাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।

প্ৰেৰক কনক হাজৰিকা

You might also like