নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ৪ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ বজালী মহোৎসৱ-২০২২

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ বজালীৰ কৃষ্টি, সংস্কৃতি, পৌৰাণিক ঐতিহ্য, ঐতিহাসিক সামগ্রী, ভাষা, সভ্যতা আদিৰ বহুল প্ৰসাৰৰ উদ্দেশ্যে প্ৰথম বাৰৰ বাবে পাঠশালাৰ পিতৃ সংগঠন শতবৰ্ষীয় পাঠশালা বজাৰ কমিটী আৰু বজালী জিলা প্ৰশাসনে পাঠশালাৰ ভগৱতী ক্ষেত্ৰত অহা ৪ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ মহা আয়োজনেৰে অনুষ্ঠিত কৰিবলৈ লৈছে বজালী মহোৎসৱ-২০২২৷ বজালীৰ ভাষা, সংস্কৃতি তথা সমাজ জীৱনক প্ৰতিফলিত কৰিবলৈ আয়োজন কৰা এই মহোৎসৱত ২০০ টা ষ্টলত গ্ৰন্থ মেলা, বাণিজ্য মেলা, প্ৰদৰ্শনী আদিৰ লগতে মহো হো, বিয়া নাম, ঘোষা নাম, জুনা নাম, জেতুকাৰে হাত বোলোৱা প্ৰতিযোগিতা, পৰম্পৰাগত খেল ধেমালি আদিৰ উপৰি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। চলিত বৰ্ষৰ পৰা আয়োজন কৰা বজালী মহোৎসৱ আগন্তুক প্ৰতি বছৰে অনুষ্ঠিত কৰি বজালী বঁটা প্ৰদান কৰি যোৱাৰ সিদ্ধান্ত লৈছে উদ্যোক্তাসকলে। এই মহোৎসৱক লৈ আজি বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, অতিৰিক্ত উপায়ুক্ত মনোজ্যোতি কুটুম, কাৰ্যবাহী দণ্ডাধীশ মিথিংগা দৈমাৰী আৰু পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে বজালী মহোৎসৱ সন্দৰ্ভত উক্ত তথ্য সদৰী কৰি মহোৎসৱৰ কাৰ্যসূচী ঘোষণা কৰে। কাৰ্যসূচী অনুসৰি ৪ এপ্ৰিলত পুৱা ১০-৩০ বজাত পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে বজাৰ কমিটিৰ পতাকা উত্তোলন, ১০-৪৫ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ১১ বজাত গছপুলি ৰোপণ, আবেলি ৫-৩০ বজাত স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসে বজালী মহোৎসৱ উদ্বোধন কৰাৰ পিছত বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে বন্তি প্ৰজ্বলন আৰু ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে মঞ্চ উদ্বোধন কৰিব। ইয়াৰ পিছত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হব। কবিতাৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ৫ এপ্রিলৰ দিনৰ ১১ বজাত গছপুলি ৰোপণ আৰু আবেলি ৫ বজাত বিশিষ্ট কবি প্ৰদীপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হব লগা কবিতা সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট কবি নীলিম কুমাৰে। মহিলাৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ৬ এপ্ৰিলত দিনৰ ১১ বজাত গছপুলি ৰোপণ, আবেলি ৪-৪৫ বজাত জ্যেষ্ঠ আৰু বিশিষ্ট মহিলাক সম্বৰ্দ্ধনা অনুষ্ঠান আৰু আবেলি ৫ বজাত প্ৰাইজমানী আয়তীৰ ঘোষানাম আৰু বিয়ানাম প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট শিক্ষাবিদ মুৰাৰী মোহন দত্তই। সাহিত্যৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ৭ এপ্ৰিলত পুৱা ১১ বজাত বৃক্ষ ৰোপন, ১১-১৫ বজাত অনুষ্ঠিত হব লগা বজালী তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চিত্র শিল্পীৰ দ্বাৰা চিত্ৰ প্ৰদৰ্শনী আৰু কৰ্মশালা উদ্বোধন কৰিব বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে। আবেলি ৪ বজাত অৰূপ দাসৰ সঞ্চালনাত অনুষ্ঠিত হব লগা বজালীৰ থলুৱা ভাষা শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্রহণ কৰিব অৱসৰী অধ্যক্ষ ধীৰেন্দ্ৰ তালুকদাৰ আৰু বিশিষ্ট চিত্ৰ নাট্যকাৰ তথা পৰিচালক কিশোৰ তহবিলদাৰে। সন্ধিয়া ৬ বজাত প্ৰাইজমানী একক নৃত্য প্ৰতিযোগিতা ( ক শাখা ঊৰ্ধ্ব ১২ বছৰ আৰু খ শাখা নিম্নতন ১৩ বছৰ) । বিজ্ঞানৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ৮ এপ্ৰিলত পুৱা ১১ বজাত গছপুলি ৰোপণ, আবেলি ৫ বজাত সৰ্প দংশন, অন্ধবিশ্বাস ,প্ৰাথমিক চিকিৎসা আৰু বিধান সম্পৰ্কীয় বিশেষ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট চিকিৎসক ডাঃ হিতেশ তালুকদাৰ আৰু ডাঃ কংকণ শৰ্মাই৷ ইয়াৰ উপৰিও কৰ্কট ৰোগ সন্দৰ্ভতো আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠান।সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হব৷ কৃষকৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ৯ এপ্ৰিলত পুৱা ১১ বজাত গছপুলি ৰোপন, আবেলি ৫ বজাত কৃষি কৰ্ম আৰু স্বাৱলম্বিতা শীৰ্ষক আলোচনা চক্ৰৰ উপৰিও ডেৰকুৰি কৃষকক সম্বৰ্দ্ধনা জনোৱা হব। উক্ত অনুষ্ঠান উদ্বোধন কৰিব অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই। সন্ধিয়া ৬ বজাত সদানন্দ চৌধুৰী প্ৰাইজমানী জুনা নাম প্ৰতিযোগিতাৰে অনুষ্ঠানৰ সামৰণি পৰিব৷ শিশুৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ১০ এপ্ৰিলত পুৱা ১০ বজাত বৃক্ষ ৰোপন, ১০-১৫ বজাত প্ৰাইজমাণি চিত্ৰাংকন প্ৰতিযোগিতা, ১১ বজাত প্ৰাইজমাণি ৰচী টনা প্ৰতিযোগিতা, আবেলি ৪ বজাত সাধু কোৱা প্ৰতিযোগিতা আৰু সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব। ১১ এপ্ৰিলত গছপুলি ৰোপন, বজালী বটা প্ৰদান অনুষ্ঠান আৰু স্মৃতি গ্ৰন্থ উন্মোচন কৰা হব৷ শিক্ষাৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ১২ এপ্ৰিলত পুৱা ১১ বজাত বৃক্ষ ৰোপন, আবেলি ৪ বজাত শিক্ষক সম্বৰ্দ্ধনা আৰু শিক্ষক মিলন অনুষ্ঠান উদ্বোধন কৰিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ বিৰিঞ্চি কুমাৰ দাসে। আবেলি ৫ বজাত প্ৰাইজমাণি লোকগীত আৰু মহো হো প্ৰতিযোগিতা উদ্বোধন কৰিব শিল্পী পেঞ্চনাৰ তথা লোকগীতৰ সম্ৰাট বসন্ত পাটগিৰিয়ে। ভ্ৰাম্যমাণ থিয়েটাৰৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ১৩ এপ্ৰিলত পুৱা ১১ বজাত বৃক্ষ ৰোপন, সন্ধিয়া ৬ বজাত শিল্পী সম্বৰ্দ্ধনা আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক পৰাগ বৰ্মণে সঞ্চালনা কৰিব লগা উক্ত অনুষ্ঠানত আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ, প্ৰবীণ শিল্পী ৰজনী দত্ত, প্ৰমোদ চন্দ্র ৰয় উপস্থিত থাকিব। নিশা ৮ বজাত বিশিষ্ট শিল্পী ৰজনী পাটগিৰিয়ে পুতলা নাচ প্ৰদৰ্শনী উদ্বোধন কৰিব। যুৱক যুৱতীৰ দিন হিচাপে উদযাপন কৰিবলৈ লোৱা ১৪ এপ্ৰিলত পুৱা ১১ বজাত গছপুলি ৰোপণ, আবেলি ৩ বজাত জেতুকাৰে হাত বোলোৱা প্ৰতিযোগিতা আৰু অন্তৰংগ আলাপ অনুষ্ঠান, আবেলি ৪ বজাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্রী সকলৰ বিশেষ অনুষ্ঠান আয়োজিত হব। “অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনত বজালী” হিচাপে উদযাপন কৰিবলৈ লোৱা ১৫ এপ্ৰিলত আবেলি ৫ বজাত প্ৰবাসী বজালীৰ সু সন্তানসকলৰ মহামিলন সমাৰোহত ভাগ লব বিচৰা প্ৰবাসী বজালীৰ সু সন্তানসকলক দুৰভাষ ৯৮৬৪৩ ০০৩৭০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে বজালী মহোৎসৱ উদযাপন সমিতিয়ে৷ উক্ত অনুষ্ঠান সঞ্চালনা কৰিব বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। ১৬ এপ্ৰিলত সন্ধিয়া ৭ বজাত সামৰণি অনুষ্ঠান আৰু বটা বিতৰণী সভাৰে প্ৰথম বজালী মহোৎসৱৰ সামৰণি পৰিব। লক্ষণীয়ভাৱে বজালী জিলা প্ৰশাসনৰ উদ্যোগত আত্মসহায়ক গোটৰ মেলা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰদৰ্শনী আদিকে ধৰি বহুসংখ্যক চৰকাৰী বিভাগৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে।
প্ৰেৰক কল্যাণ কলিতা

You might also like