নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে দলীয় কৰ্মী-নেতাক সন্মান কৰিব নাজানে

বিশেষ বাৰ্তা, ২৮ আগষ্টঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আগন্তুক বিধানসভা নিৰ্বাচনকে ধৰি বহু বিষয়ত মুকলিকৈ ভাষণ দিয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁ কংগ্ৰেছ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথকো লক্ষ্য কৰি লয়। শিৱৰাজ সিং চৌহানে কয় যে আমাৰ চৰকাৰে মধ্যপ্ৰদেশৰ জনজাতীয় ভাই-ভনীসকলৰ বাবে যি কাম কৰি আছে সেয়া আন ঠাইত খুব কমেইহে পোৱা যাব। তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত দলিত আৰু জনজাতীয় লোকৰ কল্যাণৰ কথা কেতিয়াও গুৰুত্বসহকাৰে চিন্তা কৰা হোৱা নাছিল। ২০২০ চনত যেতিয়া জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছত যি সন্মান পাব লাগিছিল সেই সন্মান লাভ কৰা নাই। প্ৰতিশ্ৰুতি পূৰণৰ বিষয়ত তেওঁলোকৰ মাজত মতানৈক্য আছিল। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ইয়াৰ পাছত জ্যোতিৰাদিত্য সিন্ধিয়াই সিদ্ধান্ত লৈছিল যে ৰাইজক দিয়া প্রতিশ্রুতি পূৰণ নকৰা এনে দল বা চৰকাৰত তেওঁ নাথাকিব৷ তাৰ পাছত তেওঁ গুচি আহি আমাৰ লগত আহিল। আমি কোনো ধৰণৰ চোৰাংচোৱা অভিযান কৰা নাছিলো। কংগ্ৰেছে নিজৰ কৰ্মী আৰু নেতাক সন্মান কৰিব নোৱাৰিলে। তাৰ পিছত আমাৰ হাতত চৰকাৰ গঠনৰ বিকল্প আছিল, আমি চৰকাৰ গঠন কৰিলোঁ। এজন দলিত যুৱকৰ হত্যা সন্দৰ্ভত শিৱৰাজ সিং চৌহানে কয় যে যেতিয়াই এনে ঘটনা ঘটে তেতিয়াই সেয়া অতি দুৰ্ভাগ্যজনক। এই ঘটনাৰ পিছত আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো আৰু কাকো ৰেহাই দিয়া নাই। কংগ্ৰেছৰ শাসনকালত দলিতক জীৱন্তে জ্বলাই দিয়া হৈছিল। তেতিয়া আমি কৰা ধৰণে এনে ব্যৱস্থা লোৱা নহ’ল। দলিতৰ কল্যাণৰ বাবে বিজেপিয়ে যি কাম কৰিছিল সেয়া কেতিয়াও কংগ্ৰেছে কৰা নাছিল। বুলডজাৰৰ একচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে দোষী কোনো দলৰ নহয়। এজন বিজেপি কৰ্মীয়ে এজন জনজাতীয় ব্যক্তিৰ গাত প্ৰস্ৰাৱ কৰা বিষয়টো সন্দৰ্ভত শিৱৰাজ সিং চৌহানে কয় যে যিজন ব্যক্তিয়ে এনে কাম কৰে তেওঁ কোনো দলৰ নহয়। যিয়ে এনে কাম কৰে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু আমিও কৰিছো। এইটো আছিল অতি অমানৱীয় আৰু হৃদয় বিদাৰক ঘটনা। মই তেওঁক সাৱটি ধৰি, ভৰি ধুই অনুতাপ কৰিলোঁ।

You might also like