নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাবৰ, ঔৰংগজেবৰ আদৰ্শৰে গঠিত দল কংগ্ৰেছ : মন্ত্ৰী পীয়ূষ

🟢ভূপেন বৰাই নিৰ্বাচন খেলি পাঁচবাৰৰ তিনিবাৰেই হৈছে পৰাস্ত

🟢৭০ বছৰত ৬খন মেডিকেল কলেজ বনাইছিল কংগ্ৰেছে

🟢ৰাজস্থানত কংগ্ৰেছৰ পৰাজয় নিশ্চিত

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰঃ গৃহ বিভাগে নিৰ্দ্ধাৰণ কৰা বিভিন্ন অনুষ্ঠানৰ বাবে মাছুল সন্দৰ্ভত আজি সংবাদ মেল সম্বোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই। মাচুল লোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,বিজেপি চৰকাৰে চিন্তা কৰি এই কাম কৰি আহিছে। সংবাদ মেলত তেওঁ মুখ্যতঃ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়। সংবাদমেলত তেওঁ কয়, ২০২০ চনৰ ১ ছেপ্টেম্বৰত প্ৰকাশিত অৰ্ডাৰত কৰ লোৱাৰ ব্যৱস্থা উল্লেখ আছে। তেলেংগানা, ৰাজস্থান, কৰ্ণাটকত এই নিয়ম আছে নে নাই সেয়া চাই আহিব লাগে কংগ্ৰেছে। ৩০০টা বিভিন্ন ব্যৱস্থাৰ যোগেদি মাচুল সংগ্ৰহ কৰি আহিছে ৰাজস্থানত। চাৰ্টিফিকেট এখন প্ৰদান কৰোঁতেই ১০, ২০, ৩০ টকাকৈ সংগ্ৰহ কৰে। পুলিচ ৰিপ’ৰ্ট বা আন আন কামৰ বাবেও ৰাজস্থানত দিব লাগে নিৰ্দ্ধাৰিত মাচুল। কৃষি বিভাগত বিভিন্ন ডীলাৰ লাইচেঞ্চৰ বাবে লয় ৫০ টকা। কৃষি বিভাগৰ ২৪টা বিভিন্ন কামৰ বাবে দিব লাগে টকা। শ্ৰমিক বিভাগতে বিভিন্ন কামৰ বাবে দিব লাগে ৫০ টকাকৈ মাচুল। ইফালে বিহু কমিটীক দিয়া ধন সন্দৰ্ভতো তেওঁ কয়, অসমৰ বিহু কমিটীক আমি ডেৰ লাখকৈ টকা দি আছোঁ। দুৰ্গা পূজাৰ কমিটীক ১০ হাজাৰকৈ টকা দি আহিছোঁ। ৰাস কমিটীক ২৫ হাজাৰকৈ টকা দিয়াৰ সিদ্ধান্ত কৰিছোঁ। বাবৰ, ঔৰংগজেৱৰ আদৰ্শৰে গঠিত দল কংগ্ৰেছে এই চিন্তা কৰিব পাৰিছিল নেকি? আনহাতে অসমত মেডিকেল কলেজ সন্দৰ্ভত মন্ত্ৰীগৰাকীত মত- অসমত বৰ্তমান মেডিকেল কলেজ ১২খন সম্পূৰ্ণ হৈছে আৰু ১২খনৰ কাম চলি আছে। কংগ্ৰেছৰ দিনত ৬খনহে আছিল। মুঠৰ ওপৰত আজিৰ তাৰিখত অসমত মেডিকেল কলেজৰ সংখ্যা ২৪খন। কংগ্ৰেছক প্ৰশ্ন কৰি মন্ত্ৰীগৰাকী মন্তব্য, কংগ্ৰেছৰ দিনত কেইখন আছিল? যি দলৰ চৰকাৰে ৭০ বছৰত ৬খন মেডিকেল কলেজ বনায়, সেই দলে এই মাচুলৰ কথা কয়। ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ প্ৰসংগতো মন্ত্ৰীগৰাকীয়ে কয়, ৰাজস্থানত কংগ্ৰেছৰ পৰাজয় নিশ্চিত। সেই কথা ৩ তাৰিখৰ পিছতহে গম পাব কংগ্ৰেছে। ইফালে ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীৰ- ভূপেন বৰা ডাঙৰ মানুহ। তেওঁ দুবাৰ বিধায়ক। মই তিনিবাৰৰ বিধায়ক। মই তিনি বাৰ খেলিছোঁ, তিনিবাৰ জিকিছোঁ। তেওঁ পাঁচবাৰ খেলি তিনিবাৰ পৰাস্ত হৈছে।

#বাৰ্তা ডেস্ক

You might also like