নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগালেণ্ড–ঝাৰখণ্ডৰ্ ভুৱা চালানেৰে মেঘালয়ৰ কয়লা সৰবৰাহ

চৰকাৰৰ কঠোৰ স্থিতিক গুৰুত্বহীন কৰি কাছাৰত কয়লাৰ ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতিক আওকাণ কৰি বৰাকত পুনৰ আৰম্ভ হৈছে কয়লাৰ অবৈধ সৰবৰাহ৷ কংগ্রেছৰ কার্যকালতেই ভয়ানকভাৱে বিয়পি পৰা বৰাকৰ কয়লাৰ ছিণ্ডিকেট শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ স্থিতিত বন্ধ হৈ পৰিছিল যদিও শেহতীয়াকৈ এজন নৱনির্বাচিত বিধায়ক আৰু এজন অতিৰিক্ত অধীক্ষক পর্যায়ৰ আৰক্ষী বিষয়াৰ সহযোগত পুনৰ কাছাৰত গা কৰি উঠিছে এই কয়লাৰ ছিণ্ডিকেট৷ কাছাৰৰ গুমৰাহ, কালাইনাত প্রতিদিনে ভুৱা চালানেৰে ৫০ৰ পৰা ৬০খন ট্রাকেৰে সৰবৰাহ কৰি আছে কয়লা৷ উত্থাপিত অভিযোগ অনুসৰি মেঘালয়ৰ পৰা বৰাকৰ মাজেৰে বাংলাদেশ, ত্রিপুৰালৈ নিয়া এই কয়লা নাগালেণ্ড আৰু ঝাৰখণ্ডৰ বাবে কঢ়িয়াই অনা বুলি ভুৱা চালান প্রস্তুত কৰা হয়৷ এনে ভুৱা চালান ৬০ হাজাৰ টকাত ছিণ্ডিকেট চক্রটোৱে প্রস্তুত কৰে৷ সেয়াই নহয়, ঝাৰখণ্ড বা নাগালেণ্ডৰ পৰা যোৱাৰ বাবে টোলগেটত যি মাচুল আদায় দিব লাগে, সেই মাচুলৰ ৰচিদো ভুৱাকৈ প্রস্তুত কৰি লৈছে ছিণ্ডিকেট চক্রটোৱে৷

অর্থাৎ নাগালেণ্ড বা ঝাৰখণ্ডৰ ব্যৱসায়ীৰ পৰা এই কয়লা ক্রয় কৰাৰ ভুৱা ৰচিদ দেখুৱাই ছিণ্ডিকেট চক্রটোৱে প্রতিদিনে সংগ্রহ কৰিছে ৫ লাখৰ পৰা ৮ লাখ টকাকৈ৷ লক্ষণীয়ভাৱে এনেধৰণৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে শেহতীয়াকৈ চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰাৰ পিছতো এই চক্রটোৱে সকলো পক্ষক মেনেজ কৰি বাংলাদেশ, ত্রিপুৰালৈ নিতৌ প্রেৰণ কৰি আছে ট্রাকে ট্রাকে কয়লা৷ উত্থাপিত অভিযোগ অনুসৰি, ছিণ্ডিকেট চক্রটোৱে মেঘালয়ৰ পৰা সূতাৰকান্দি হৈ বাংলাদেশলৈ কয়লা প্রেৰণৰ বাবে ভুৱা চালান প্রস্তুত কৰি সমগ্র পথছোৱাত ৰাখি থৈছে কেইবাজনো লোকক৷ ইয়াৰ ভিতৰত আছে মাণ্ডিহাতিৰ বিপচ চাইলা, কালাইনৰ চভুৰ, ছুফিয়ান, জাবিৰ, নাছিৰ, পাঁচগ্রামৰ গুলজাৰ, গুমৰাহৰ ছাজিম, বাহাৰ, ছিপন আৰু কাটিগড়াৰ ইব্রাহিম৷ কংগ্রেছৰ আমোলৰ পৰাই কয়লাৰ ছিণ্ডিকেট চলাই অহা এজন নৱনির্বাচিত বিধায়কে নতুনকৈ এই ছিণ্ডিকেটক নতুন ৰূপত স্থাপন কৰি শেহতীয়াকৈ পৰিবহণ, আৰক্ষী আৰু স্থানীয় প্রশাসনকো মেনেজ কৰিবলৈ সক্ষম হৈছে৷ যিসময়ত ৰাজ্য চৰকাৰখনে ছিণ্ডিকেট তথা অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে, তেনে সময়তে এজন বিধায়কৰ নেতৃত্বত আৰম্ভ হোৱা এনে কয়লাৰ ছিণ্ডিকেটে কার্যতঃ চৰকাৰখনৰ স্থিতিক ভেঙুচালি কৰাই নহয়, সমগ্র প্রশাসনিক ব্যৱস্থাটোক নস্যাৎ কৰি পেলাইছে৷ বিশেষকৈ নাগালেণ্ড আৰু ঝাৰখণ্ডত কয়লা ক্রয় কৰাৰ ভুৱা চালান কিদৰে ছিণ্ডিকেট চক্রটোৱে প্রস্তুত কৰিবলৈ সক্ষম হৈছে, সেই বিষয়টোৱেও বৰাকত প্রশাসনিক ব্যৱস্থাটো যে ধোঁৱাচাঙত উঠিছে, তাক স্পষ্ট কৰিছে৷

You might also like