নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দল বাগৰা নেতাৰ বাবে বন্ধ বিজেপিৰ দুৱাৰ

নলবাৰীৰ পাইকাৰকুছিত ৰঞ্জিত দাসৰ ঘোষণাঃ আমাক লীডাৰ নহয়, কেডাৰ লাগে

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ জধে–মধে বিজেপিত যোগদান নকৰিব, লীডাৰ নহয়, কেডাৰহে লাগে বিজেপিক৷ এতিয়া আৰু লীডাৰগিৰি দেখুওৱা লোকৰ বাবে বা আন দলৰ নেতাৰ যোগদান বিজেপিত বন্ধ৷ কংগ্রেছৰ দৰে হতাশাত ভুগি মুনাফাৰ বাবে বা নির্বাচন অহা দেখি প্রলোভন দি বিজেপিয়ে কাম নকৰে৷ বিজেপি এটা শৃংখলাবদ্ধ দল৷ আজি নলবাৰী জিলাৰ পাইকাৰকুছিত এটানুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ত এইদৰে কয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ উপস্থিত থকা মত বিনিময়ত তেওঁ ইয়াকো কয় যে কোনো বিধায়কৰে প্রার্থিত্ব কর্তন নকৰে বিজেপিয়ে৷ গতিকে নলবাৰী সমষ্টিৰ বিধায়কৰো কর্তন নহয়৷ ৰাজ্যৰ সকলো বিধায়কৰে কাম–কাজ ভাল৷ তেওঁ কয়– কোনো সালসলনি নঘটোৱাকৈ বর্তমানে থকা সকলো বিধায়কে প্রার্থিত্ব লাভ কৰিব ২১ৰ নির্বাচনত৷ তদুপৰি বিধায়কৰ কাম–কাজৰ ওপৰত ছার্ভে হৈ আছে৷ ছার্ভেৰ পিছতহে শেষ সিদ্ধান্ত লোৱা হ’ব প্রার্থিত্ব প্রদানৰ ক্ষেত্রত৷ আনহাতে, কোনো নতুন মুখে প্রার্থিত্ব লাভৰ ক্ষেত্রত কৰা প্রশ্ণত সভাপতি দাসে কয় যে সেয়া সময়তহে দেখা যাব৷

You might also like