নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰবিদ্ধৰ পিছত সুস্থ হৈ এবছৰৰ মূৰত আজি খেলপথাৰত আৰ্চাৰ শিৱাংগিনী

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ এবছৰৰ পিছত সুস্থ হৈ উঠিল অসমৰ প্ৰতিভাৱান আৰ্চাৰ শিৱাংগিনী গোহাঁই। চাবুৱা নিৱাসী আৰ্চাৰ শিৱাংগিনী লগৰ এগৰাকী আৰ্চাৰৰ ভুলৰ বাবে শৰবিদ্ধ হৈছিল যোৱাবৰ্ষৰ জানুৱাৰীত। গলেৰে সোমাই যোৱা শৰে গলৰ ভিতৰৰ ৰাজহাড়ৰ এক বিশেষ অংশত আঘাত কৰিছিল তেওঁৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত দিল্লীৰ এখন হাস্পতালত শিৱাংগিনীক অতি জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ কৰি তোলা হয়। যোৱা বছৰটো চিকিতসাৰ নামতে ব্যস্ত থকা শিৱাংগিনী গোহাঁই আজিৰে পৰা নামিছে খেলপথাৰত।

You might also like