বৃহৎ কনটেইনাৰত ৮০ টন অক্সিজেন লৈ অসম পালেহি প্রথমখন অক্সিজেন এক্সপ্রেছ ৰে’ল
নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ভিডকেন্দ্রিক পৰিস্থিতিত আক্রান্ত লোকৰ বাবে অতি জৰুৰী হৈ পৰা দেশৰ চিকিৎসালয়লৈ অক্সিজেনৰ যোগান ধৰিবলৈ ভাৰতীয় ৰে’লৱেই যুদ্ধকালীন তৎপৰতা গ্রহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে ভাৰতীয় ৰে’লৱেই ‘ওম মিছন’ৰ অধীনত দেশজুৰি ১৪,৫০০ মেট্রিকটন জুলীয়া মেডিকেল অক্সিজেন লৈ ৮৮৪ টেংকাৰসহ ২২৪খন অক্সিজেন এক্সপ্রেছ ৰে’লৰ চলাচল আৰম্ভ হৈছে৷
অসমৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে এখন অক্সিজেন এক্সপ্রেছ ৰে’ল ঝাৰখণ্ডৰ টাটানগৰ ৰে’ল ষ্টেচনৰ পৰা যাত্রা আৰম্ভ কৰি আজি অসম পালেহি।
চাৰিটা বৃহৎ কনটেইনাৰত ৮০ টন অক্সিজেন লৈ অহা ৰে’লখন পোনে পোনে গুৱাহাটীৰ পার্শ্বৱর্তী আমিনগাঁৱত থকা ইনলেণ্ড কনটেইনাৰ ডিপোলৈ যায়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত #OxygenExpress ক আদৰণি জনায়। গ্ৰীণ কৰিডৰ ফাষ্ট-ট্ৰেক অসম আৰু উত্তৰ-পূবৰ বাবে এক আশীৰ্বাদ। এই সহায়ৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে।
মাননীয় প্ৰধানমন্ত্ৰী @narendramodi ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞ!#অক্সিজেনএক্সপ্ৰেছ-ৰ দ্বাৰা ৮০ মেট্ৰিকটন মেডিকেল #অক্সিজেন অসমলৈ প্ৰেৰণ কৰাৰ বাবে ৰাজ্যবাসীৰ হৈ ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ ।
এই কঠিন সময়ত ই আমাৰ মনোবল আৰু অক্সিজেনৰ সামৰ্থ্য বৃদ্ধি কৰিছে।@PMOIndia @PiyushGoyal pic.twitter.com/V19TijP9d7
— Himanta Biswa Sarma (@himantabiswa) May 23, 2021