নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত সীমান্তত চীনে নির্মাণ কৰিব গাঁও, থাকিব কমিউনিষ্ট পার্টীৰ সদস্য

উদ্বিগ্ণ দিল্লীক সম্পূর্ণ অৱজ্ঞা বেইজিঙৰ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ভাৰতৰ সীমান্তত যোগাযোগ আন্তঃগাঁথনি উন্নীত কৰাৰ চীনৰ গোপন পৰিকল্পনা পুনৰ পোহৰলৈ আহিছে৷ দশক দশক ধৰি চীন–ভাৰতৰ আন্তর্জাতিক সীমা বিবাদৰ সুযোগ লৈ ৰঙা চীনে ভাৰত ভূমিত অনুপ্রৱেশ কৰি আন্তঃগাঁথনি নির্মাণৰ সমান্তৰালকৈ সীমান্তৰ সমীপতে যোগাযোগ উন্নীত কৰিবলৈ আন্তঃগাঁথনি নির্মাণ কৰি আহিছে৷ শেহতীয়াভাৱে ৰঙা চীনে ভাৰতৰ সীমান্তত নির্মাণ কৰিব গাঁও৷ এই গাঁওসমূহত দেশখনৰ চৰকাৰে সংস্থাপিত কৰিব চীন কমিউনিষ্ট পার্টীৰ (চি চি পি) সদস্য৷ এই সদস্যৰ জৰিয়তে চীন চৰকাৰে ভাৰতৰ সেনাৰ গতিবিধিৰ লগতে সীমান্তৰ সমীপৱর্তী গাঁওসমূহত প্রৱেশ কৰি গোপন তথ্য সংগ্রহ কৰাৰ লক্ষ্য লৈছে৷ বেইজিঙে ভাৰতৰ সীমান্তত ‘সীমান্ত প্রতিৰক্ষা গাঁও’ নির্মাণৰ পৰিকল্পনা ইতিমধ্যে যুগুত কৰি গোপনে গাঁও নির্মাণ আৰম্ভ কৰিছে৷ তথ্য মতে, এই গাঁওসমূহত চি চি পিৰ সদস্যক সংস্থাপিত কৰি ভাৰতীয় সেনাৰ যিকোনো গতিবিধিক প্রতিহত কৰাৰ লক্ষ্য লৈছে চীনে৷ চুবুৰীয়া ৰাষ্ট্র চীনৰ সীমান্ত প্রতিৰক্ষা গাঁও পৰিকল্পনা পোহৰলৈ অহাৰ পাছতে ভাৰতৰ নিৰাপত্তা সংস্থাসমূহ উদ্বিগ্ণ হৈ পৰিছে৷ বেইজিঙৰ এই পৰিকল্পনাৰ বিষয়ে নতুন দিল্লী জ্ঞাত হোৱাৰ পাছতে ভাৰতৰ প্রতিৰক্ষালৈ আহিব পৰা গম্ভীৰ নেতিবাচক প্রভাৱক লৈ উদ্বিগ্ণ হৈ পৰিছে৷ উল্লেখ্য যে সীমান্তত চীনে প্রতিৰক্ষা গাঁও নির্মাণ কৰাৰ পাছতেই সীমান্তত বিগত দশক দশক ধৰি চলি অহা জনসংখ্যাগত গাঁথনি সলনি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ২০১৭ চনত ডোকলাম সমভূমিত চীন আৰু ভাৰতৰ সেনাৰ মাজত সংঘর্ষ সৃষ্টি হোৱা সীমান্ত অঞ্চলতো চীনে গাঁও নির্মাণ কৰাৰ পৰিকল্পনা সম্পূর্ণ কৰিছে৷

উল্লেখ্য যে ছিকিমৰ ডোকলাম সমভূমি চীনশাসিত তিব্বতৰ য়াডং প্রদেশৰ পৰা মাত্র ৯ কিলোমিটাৰ৷ তাৎপর্যপূর্ণ যে তিব্বতৰ এই অঞ্চলটো ভাৰতীয় সীমান্তৰ পৰা কৌশলগতভাৱে অতিকে গুৰুত্বপূর্ণ৷ যদি এই অঞ্চলটোত চীনে দখলদাৰিত্ব বৃদ্ধি কৰিবলৈ ধৰে, তেতিয়াহ’লে চীনৰ সেনাৰ শিলিগুৰি কৰিড’ৰলৈ আগবাঢ়ি অহাটো সহজ হৈ উঠিব৷ চিকেন নেক বুলি চর্চিত শিলিগুৰিলৈ যদি য়াডঙৰ পৰা চীনা সৈন্য আগবাঢ়ি আহিব পাৰে, তেতিয়াহ’লে যুদ্ধ কিম্বা বিবাদৰ সময়ত এই কৰিড’ৰটো চীনে দখল কৰি উত্তৰ–পূর্বাঞ্চলক পৃথক কৰি দিব পাৰিব৷ প্রত্যক্ষভাৱে এয়া পোহৰলৈ অহা নাই যদিও চীনৰ গোপন অভিসন্ধিয়ে এনে কু–ভিপ্রায়কে প্রৰোক্ষভাৱে প্রমাণিত কৰিছে বুলি ক’ব পাৰি৷ প্রথম পর্যায়ত চীনে তিব্বতত এনে ধৰণৰ সীমান্ত প্রতিৰক্ষা গাঁও নির্মাণ কৰিব আৰু পিছলৈ ভাৰতৰ সীমান্তত এনে গাঁও নির্মাণৰ পৰিকল্পনা সম্প্রসাৰিত কৰিব৷ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ২০১৭–২০২০ পৰিকল্পনা অনুসৰি চীনে সীমান্ত প্রতিৰক্ষা গাঁও ৬০০তকৈ অধিক নির্মাণ কৰিব৷ এই গাঁওসমূহত সংস্থাপিত চি চি পি সদস্যই দালাই লামাৰ শুভাকাংক্ষী লোকৰ অনুপ্রৱেশ ৰোধ কৰাৰ লগতে সীমান্তত দেশখনৰ বিৰুদ্ধে চলি থকা ভাৰতীয় গতিবিধিকো নিৰীক্ষণ কৰিব৷ সীমান্তত নির্মাণ কৰা গাঁওসমূহত চীনৰ চি চি পিৰ আদর্শৰ লগতে ৰাজনৈতিক শিক্ষা প্রদান কৰা হ’ব৷ দালাই লামাৰ বিৰুদ্ধে গাঁওসমূহত শক্তি গঢ়ি তোলাৰ বিষয়েও শিক্ষা প্রদান কৰা হ’ব৷ প্রধানতঃ ভাৰতৰ প্রতি লক্ষ্য ৰাখিয়েই বেইজিঙে সীমান্তত গাঁও নির্মাণৰ পৰিকল্পনা যুগুত কৰিছে বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ সার্বভৌম ৰাষ্ট্রৰ ভৌগোলিক অখণ্ডতাৰ ওপৰত দখলদাৰিত্ব চলোৱাৰ বাবেই চীনে এই গাঁও নির্মাণৰ পৰিকল্পনা কৰিছে৷

You might also like