দুহাতৰ কলাৰ যাদুৰে জীৱনৰ জয়গান গোৱাৰ উপৰি আন বহু লোকক এই পথৰ উপযুক্ত পথিক হিচাপে গঢ় দিয়া তথা সুদীৰ্ঘ কাল অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ অনন্য সৃষ্টিৰাজিৰে এক নৱজাগৰণৰ সূচনা কৰি শিল্পকলাৰ জৰিয়তে অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলি আৰু শিল্পকলাৰ লগত জড়িত থাকি কলা আৰু ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰখনলৈ অনন্য অৱদান আগবঢ়োৱা কলা জগতৰ এক উজ্জ্বল নক্ষত্ৰ, নৱপ্ৰজন্মৰ প্ৰেৰণাৰ অফুৰন্ত উৎস ভাৰত চৰকাৰৰ ২০২৬ বৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে বিভূষিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কলা নিৰ্দেশক, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক, অসম চৰকাৰৰ শিল্পী পেন্সনপ্ৰাপ্ত বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদক কালি নিশা ১১৮সংখ্যক গোৱৰাদল-ষাঠিকুছি ৰাজহুৱা সভা মহোৎসৱ পৰিচালনা সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা জনায়৷
নামনি অসমৰ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত গোৱৰাদল-ষাঠিকুছি ৰাজহুৱা সভা মহোৎসৱত সভা মহোৎসৱ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি গণেশ চন্দ্ৰ হালৈয়ে আঁত ধৰাৰ লগতে বিশিষ্ট অভিনেতা উৎপল দাস, ইতিহাস থিয়েটাৰৰ সম্পাদক ৰঞ্জিত দত্ত, সভা মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি মনোহৰি বৰ্মন, উপ-সভাপতি যতীন্দ্ৰ কুমাৰ দাস, পৰেশ চন্দ্ৰ বৰ্মন, সম্পাদক দ্বিপেন বৰ্মন, প্ৰচাৰ সম্পাদক শৈলেন বৰ্মন, সহঃ সম্পাদক অতুল বৈশ্য, বিত্ত সম্পাদক মনোজ বৰ্মন, স্বেচ্ছাসেৱক অধিনায়ক অভয়চৰণ বেজবৰুৱা, থিয়েটাৰ বিভাগৰ সম্পাদক শশীন্দ্ৰ নাৰায়ণ দাসকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানত শিল্পীগৰাকীক ফুলাম গামোচা, চেলেং চাদৰ, স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়৷
সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট শিল্পীগৰাকীয়ে কয়- “শিল্পকলাৰ এই জগতখনৰ লগত জড়িত হোৱা মোৰ ৫০ বছৰ হ’ল। আজি সম্বৰ্ধনা গ্ৰহণ কৰা এই অঞ্চলৰ পৰাই মই প্ৰথম আৰম্ভ কৰিছিলোঁ শিল্পকলাৰ কাম । পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে মই প্ৰথম কলা নির্দেশক হিচাপে কাম আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আজিলৈ কলা নির্দেশনাৰ লগতে ভাস্কৰ্য শিল্পৰ কাম কৰি আছো” ।ভাষণ প্ৰসংগত তেওঁ কয়- সৰুৰে পৰা ল’ৰা-ছোৱালীক কলা ভাল পাবলৈ শিকাব লাগে । কলাই শিশুৰ চৰিত্ৰ গঠনত যথেষ্ট সহায় কৰে। এশখনতকৈ অধিক চিনেমাত মই কলা নিৰ্দেশক হিচাপে কাম কৰিছোঁ। মনৰ ভাবাৱেগৰ পৰা কলাৰ শিল্প সৃষ্টি হয়। লগতে এই ক্ষেত্ৰখনত নিজস্ব দৃষ্টিভংগী, চিন্তাধাৰাই প্ৰচুৰ পৰিমাণে সহায় কৰে। তেওঁ নতুন প্ৰজন্মক শিল্পকৰ্মৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
নিয়মীয়া বাৰ্তা, কৈঠালকুছি, ৩১ জানুৱাৰী :