নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত টাইফাকে ছবি “পাই টাং”

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ অহা ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৯সংখ্যক কলকাতা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমৰ ছবি “পাই টাং”, step of hope৷ মহোৎসৱৰ UNHEARD INDIA ∶ RARE LANGUAGES শাখাৰ বাবে অফিচিয়েল ছিলেকচন লাভ কৰিছে প্ৰবাল খাওন্দ পৰিচালিত টাই ফাকে ভাষাৰ প্ৰথম ছবি পাই টাং৷ আনছ এন্টাৰটেইন্টমেন্টৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা নৱ কুমাৰ ভূঞা আৰু কাৰ্যবাহী প্ৰযোজক সংগীতা নাথ ভূঞাৰ৷ সঁচা কাহিনীৰ আলমত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য প্ৰবাল খাওন্দ আৰু মীনাক্ষি ডেকাৰ৷ চিত্ৰগ্ৰহণ পাপু ডেকা৷ ছবিখনৰ সম্পাদনা ৰমেন বৰা আৰু ছাউণ্ড ডিজাইন দেৱজিৎ গায়নৰ৷ ডি আই ঘনশ্যাম কলিতা৷ ৰাজীৱ কাশ্যপৰ আৱহ সংগীতত ছবিখনৰ একমাত্ৰ গীতটিৰ গীতিকাৰ আই চা থমৌং আৰু কন্ঠশিল্পী জে হম হাইলোং৷ বিলুপ্তিৰ পথত আগবঢ়া এটা জনগোষ্ঠীৰ সংগ্ৰাম তথা নিজৰ ভাষা, সংস্কৃতি উজ্জীৱিত কৰি ৰখাৰ প্ৰয়াস ছবিখনত দেখুওৱা হৈছে ৷ নাহৰকটীয়াৰ নামফাকে গাঁৱত দৃশ্যগ্ৰহণ কৰা ছবিখনত জ্ঞনাপাল মাহাথেৰ, হম চেং উইংকেন, নুক চেং উইংকেন, পেইমথি গোহাঁই লগতে বহু নামফাকে শিল্পীয়ে অভিনয় কৰাৰ লগতে অতিথি শিল্পীৰূপে আছে জোৱান দত্ত আৰু প্ৰতিভা চৌধুৰী ৷ প্ৰবাল খাওন্দ পৰিচালিত প্ৰথম ছবি “পাই টাং” দেশৰ তৃতীয় সৰ্ববৃহৎ মহোৎসৱত প্ৰদৰ্শিত হব যি আমাৰ অসমৰ বাবে এক গৌৰৱৰ বতৰা ৷

#বাৰ্তা ডেস্ক

You might also like