গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়ত স্পষ্ট কৰি দিছে যে কেৱল PAN কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ (EPIC) থাকিলেই ভাৰতীয় নাগৰিকত্ব প্ৰমাণিত নহয়। বিদেশী হিচাপে ঘোষণা কৰা অসমৰ এজন বাসিন্দাৰ আবেদন খাৰিজ কৰি এই মন্তব্য কৰে আদালতে।
ন্যায়াধীশ কল্যাণ ৰায় সুৰাণা আৰু শামিমা জাহানৰ দ্বৈত বিচাৰপীঠে কয় যে কম্পিউটাৰ-উৎপন্ন NRC Legacy Data Evidence Act-ৰ ধাৰা 65B (বৰ্তমান ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ৰ ধাৰা 63(4)) অনুসৰি প্ৰয়োজনীয় প্ৰমাণপত্ৰ অবিহনে গ্ৰহণযোগ্য ইলেক্ট্ৰনিক প্ৰমাণ হিচাপে ধৰা নাযায়।
এই গোচৰটোত আমিনুল হকে বিদেশী ন্যায়াধিকৰণৰ ২০১৯ চনৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল। নিজৰ নাগৰিকত্বৰ দাবী সমৰ্থনত তেওঁ ১৯৫১ চনৰ NRC, ভোটাৰ তালিকা, মাটিৰ দলিল, PAN কাৰ্ড, EPIC, বিদ্যালয়ৰ প্ৰমাণপত্ৰ আদি দাখিল কৰিছিল।
আদালতে পৰ্যবেক্ষণ কৰে যে পূৰ্বপুৰুষৰ নামত সামান্য অমিল থাকিলেও কেৱল সেইটো নাগৰিকত্বৰ দাবী খাৰিজ কৰাৰ ভিত্তি নহয়। কিন্তু আবেদনকাৰীয়ে বৈধ আৰু গ্ৰহণযোগ্য প্ৰমাণৰ জৰিয়তে পূৰ্বপুৰুষৰ নিজৰ বংশবৃক্ষৰ সৈতে নিজৰ ধাৰাবাহিক সম্পৰ্ক প্ৰমাণ কৰিবই লাগিব।
নাগৰিকত্ব সম্পৰ্কীয় গোচৰত “সঠিক বংশবৃক্ষ (family tree)” বা পূৰ্বপুৰুষৰ সৈতে স্পষ্ট সংযোগ প্ৰমাণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ উল্লেখ কৰিছে।
আদালতে কয় যে কেৱল আধাৰ কাৰ্ড, ভোটাৰ আইডি বা আন আন নথিপত্ৰই এককভাৱে নাগৰিকত্ব প্ৰমাণ কৰিবলৈ যথেষ্ট নহয়, বিশেষকৈ অসমত নাগৰিকত্ব সম্পৰ্কীয় আইনী প্ৰক্ৰিয়াত পূৰ্বপুৰুষৰ সৈতে “লিংকেজ” বা বংশগত সংযোগ স্পষ্ট হ’ব লাগিব।
আদালতৰ পৰ্যবেক্ষণ অনুসৰি, নাগৰিকত্ব নিৰ্ণয়ৰ ক্ষেত্ৰত আবেদনকাৰীয়ে নিজৰ পিতৃ-মাতৃ বা পূৰ্বপুৰুষৰ বৈধ নাগৰিকত্বৰ সৈতে নিজৰ সম্পৰ্ক বিশ্বাসযোগ্য নথিৰ জৰিয়তে প্ৰমাণ কৰিব লাগে। এই সংযোগ নাথাকিলে বহু ক্ষেত্ৰত আবেদন বাতিল হ’ব পাৰে।
আইনী বিশেষজ্ঞসকলৰ মতে, এই ধৰণৰ ৰায়ে অসমত চলি থকা নাগৰিকত্ব পৰীক্ষা প্ৰক্ৰিয়াত “ডকুমেন্ট-ভিত্তিক নহয়, বংশ-ভিত্তিক প্ৰমাণ”ৰ গুৰুত্ব আৰু বাঢ়াই দিছে।
আদালতৰ এই মন্তব্যৰ পিছত নাগৰিকত্ব প্ৰমাণৰ ক্ষেত্ৰত বংশবৃক্ষ আৰু পৰিয়ালগত নথিৰ গুৰুত্ব পুনৰ এবাৰ আলোচনালৈ আহিছে।
আদালতে স্পষ্টকৈ উল্লেখ কৰে যে PAN কাৰ্ড আৰু EPIC নাগৰিকত্বৰ প্ৰমাণ নহয়। PAN কাৰ্ড আত্মঘোষণাৰ ভিত্তিত জাৰি কৰা হয়, সেয়ে ইয়াৰ তথ্য সত্যতা প্ৰমাণ কৰিবলৈ আয়কৰ বিভাগৰ নথি-পত্ৰও দাখিল কৰিব লাগিছিল বুলি আদালতে কয়।
ডিজিটেল ডেস্ক, ২ জুলাই