নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃ–মাতৃৰ লিখিত অনুমতি লৈহে শিক্ষার্থী যাব শিক্ষানুষ্ঠানলৈ

বাধ্যতামূলক নহয় উপস্থিতিঃ এদিনত ৫০ শতাংশ শিক্ষক–শিক্ষয়িত্রীহে উপস্থিত থাকিব

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ  ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদান পুনৰ আৰম্ভ কৰাৰ প্রসংগত আজি কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ শিক্ষা–স্বাস্থ্য তথা বিত্ত বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সাংবাদিকৰ আগত তেওঁ কয়– ‘অহা ২১ ছেপ্টেম্বৰৰ পৰা নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ বাবে অনানুষ্ঠানিকভাৱে পাঠদান আৰম্ভ কৰা হ’ব৷ পিতৃ–মাতৃৰ লিখিত অনুমতি লৈহে ছাত্র–ছাত্রীসকল শিক্ষানুষ্ঠানলৈ যাব৷ একেদৰে শিক্ষানুষ্ঠানত এদিনত ৫০ শতাংশ শিক্ষক–শিক্ষয়িত্রী আৰু আন দিনা আন ৫০ শতাংশ শিক্ষক–শিক্ষয়িত্রী উপস্থিত থাকিব৷ প্রথমাৱস্থাত অনানুষ্ঠানিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব৷ বিগত দিনকেইটাত অনলাইনত যি পঢ়াইছিল, সেই সন্দর্ভত কিবা জানিব বিচাৰিলে শিক্ষক–শিক্ষয়িত্রীয়ে উত্তৰ দিব৷ পৰৱর্তী পর্যায়ত অনানুষ্ঠানিক শিক্ষাৰ কথা চিন্তা কৰা হ’ব৷ এই সময়ছোৱাৰ ভিতৰত ১০ শতাংশ ছাত্র–ছাত্রী আৰু শিক্ষক–শিক্ষয়িত্রীৰ ক’ভিড টেষ্ট কৰোৱা হ’ব৷ যদিহে কোনোবা বিদ্যালয়ত ক’ভিড পজিটিভ বেছিকৈ ওলায়, তেনেহ’লে প্রধান শিক্ষকে উপায়ুক্তৰ লগত আলোচনা কৰি এই বিষয়ত সিদ্ধান্ত ল’ব৷’ বিদ্যালয়সমূহৰ পৰা ক’ভিড চেণ্টাৰ আঁতৰোৱাৰ বাবে নির্দেশ দিয়া হৈছে আৰু ১ অক্টোবৰৰ ভিতৰত এয়া সম্পূর্ণ হ’ব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই লগতে কয় যে বিদ্যালয় খোলাৰ লগে লগে প্রত্যাহ্বান আহিব৷ কিন্তু একাদশ, দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রী যদি বিদ্যালয়লৈ নাহে, তেনেহ’লে অহাবাৰ মেডিকেল বা ইঞ্জিনীয়াৰিঙত অসমৰ এজনো ছাত্র–ছাত্রীয়ে স্থান নাপাব৷ কাৰণ ভাৰত চৰকাৰে এইবাৰ যেতিয়া নীট আৰু জে ই ই পৰীক্ষা অনুষ্ঠিত কৰিলে, নিশ্চিতভাৱে অহাবাৰো এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ যদি একাদশ–দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রী বিদ্যালয়লৈ নাযায়, তেনেহ’লে অহা বছৰ মেডিকেল, ইঞ্জিনীয়াৰিঙত স্থান লাভৰ পৰাও বঞ্চিত হ’ব৷ অৱশ্যে এইক্ষেত্রত এটেনডেঞ্চ বাধ্যতামূলক নহয়৷ কোনোবাই ঘৰতে ছাত্র–ছাত্রীক পঢ়াব বিচাৰিলেও আপত্তি নাই৷ ৰাজ্য চৰকাৰে ছাত্র–ছাত্রীক বিদ্যালয়লৈ প্রেৰণ কৰিবৰ বাবে জোৰ কৰা নাই৷

You might also like