নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SEBAৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান, সহকাৰী সচিব হেমন্ত ডেকাক গ্রেপ্তাৰ

ছেবাত দুর্নীতি নিবাৰক শাখাৰ অভিযান

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্রহণ কৰা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত একাংশই সংগোপনে সংঘটিত কৰি আহিছে ব্যাপক দুর্নীতি–নিয়ম৷ এইবাৰ এজন দুর্নীতিগ্রস্ত বিষয়াই উৎকোচ লৈ কলংকিত কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) কার্যালয়৷ নাম শুধৰণি কৰি দিয়াৰ বাবদ উৎকোচ লৈ অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাৰ জালত পৰে ছেবাৰ সহকাৰী সচিব হেমন্ত ডেকা৷ দুর্নীতি নিবাৰক শাখাৰ ১২জনীয়া এটা দলে শুকুৰবাৰে ছেবাৰ কার্যালয়ত অভিযান চলাই হেমন্ত ডেকাক হাতে–লোটে গ্রেপ্তাৰ কৰে৷ দুর্নীতি নিবাৰক শাখাৰ এক সূত্রই জানিবলৈ দিয়া মতে, তিনিচুকীয়াৰ শিৱ কুমাৰ ভুজেল নামৰ এজন লোকে তেওঁৰ নামটো শুধৰণি কৰিবলৈ ছেবাৰ কার্যালয়লৈ আহিছিল৷ শিৱ কুমাৰ ভুজেলৰ ছোৱালী ছোনিয়া ভুজেলে ২০১৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত ছেবাই দিয়া প্রমাণ–পত্রত পিতৃৰ নামটো শিৱ কুমাৰ ভুজেলৰ পৰিৱর্তে ভুলবশতঃ শিৱা কুমাৰ ভুজেলহে লিখা হৈছিল৷ এই নামটো শুধৰণি কৰাৰ কাৰণে যোৱা ৫ ছেপ্টেম্বৰত ছেবাৰ কার্যালয়ত উপস্থিত হৈ শিৱ কুমাৰ ভুজেলে সহকাৰী সচিব হেমন্ত ডেকাক লগ ধৰে৷ শিৱ কুমাৰ ভুজেলে নামটো শুধৰণি কৰি দিয়াৰ অনুৰোধ জনাই হেমন্ত ডেকাক এখন দর্খাস্ত দিয়ে৷ সহকাৰী সচিব ডেকাই নাম শুধৰণিৰ বাবে বহু দেৰি কৰা বুলি কয়৷ তেতিয়া ভুজেলে কামটো যেনে–তেনে কৰি দিবলৈ খাটনি ধৰাত ইয়াৰ বাবদ সহকাৰী সচিবজনে ১০ হাজাৰ টকা উৎকোচ বিচাৰে৷ কিন্তু ভুজেলে ইমান টকা দিব নোৱাৰোঁ বুলি কয়৷ ইয়াৰ পাছত ডেকাই শিৱ কুমাৰ ভুজেলৰ পৰা ৮ হাজাৰ টকা বিচাৰে৷ ভুজেলে এই কথাত মান্তি হয় যদিও পৰৱর্তী সময়ত তেওঁ এই বিষয়ে দুর্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰে৷ এই অভিযোগৰ ভিত্তিত শিৱ কুমাৰ ভুজেলে আজি টকা দিবলৈ আহোঁতে পূর্ব পৰিকল্পনা অনুসৰি দুর্নীতি নিবাৰক শাখাই অভিযান চলাই ডেকাক হাতে–লোটে গ্রেপ্তাৰ কৰে৷ দুর্নীতি নিবাৰকৰ দলটোৱে ৫ ঘণ্টা ধৰি জেৰা কৰাৰ অন্তত ডেকাক গ্রেপ্তাৰ কৰাৰ লগতে কেতবোৰ গুৰুত্বপূর্ণ নথি–পত্র জব্দ কৰি লৈ যায়৷

You might also like