নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ চলি থকা চলি থকা চর্চাৰ মাজতে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ মন্তব্য– মুখ্যমন্ত্রী কোন হ’ব সেই সিদ্ধান্ত গ্রহণ কৰিব দলৰ সংসদীয় ব’র্ডে৷ লখিমপুৰত মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়– বিজেপি ৰাষ্ট্রীয় দল৷ ৰাষ্ট্রীয় দল হিচাপে অসমৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব সেয়া ৰাষ্ট্রীয় নেতৃত্বই থিৰাং কৰিব৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব হ’ল আমাৰ ওপৰত ন্যস্ত কৰা কামসমূহ সম্পূর্ণ কৰা৷ মুখ্যমন্ত্রী কোন হ’ব সেয়া অচিৰেই সকলোৱে গম পাব৷ কেন্দ্রীয় নেতৃত্বই এই ঘোষণা কৰিব সোনকালে৷ ইফালে, ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী সন্দর্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব সেয়া দলৰ সংসদীয় কমিটীয়ে চিন্তা–চর্চা কৰি আছে৷ কিন্তু দলত এই বিষয় লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই৷ উল্লেখ্য যে কালি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, সেয়া সংসদীয় ব’র্ডে ঠিৰাং কৰিব বুলি স্পষ্ট কৰিছিল৷
মঙলদৈত বিজেপিৰ ৰাষ্ট্রীয় সদস্য প্রণৱ বৰুৱা
ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী পদৰ সম্ভাব্য প্রার্থী ঘোষণাৰ দাবী
২০২১ চনৰ নির্বাচনত মুখ্যমন্ত্রী পদৰ প্রার্থী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাক প্রক্ষেপ কৰিব লাগে৷ এই দাবী বিজেপি যুৱ মর্চাৰ প্রাক্তন ৰাষ্ট্রীয় উপ–সভাপতি তথা মিডিয়া পেনেলিষ্ট প্রণৱ বৰুৱাৰ৷ আজি মঙলদৈত এখন সংবাদ মেলত প্রণৱ বৰুৱাই কয় যে ২০১৬ চনত বিজেপিয়ে যিহেতু মুখ্যমন্ত্রী পদৰ নাম ঘোষণা কৰিছিল এইবাৰো ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী পদৰ প্রার্থী ৰূপে ঘোষণা কৰিব লাগে৷