নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাকতৰ হকাৰ-সংবাদকৰ্মীক বিনামূলীয়া ত্ৰিৰংগাঃ পাঠশালাত হেঙুলী প্ৰকাশৰ ব্যতিক্ৰমী কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বজালীৰ বৌদ্ধিক জগতত অনবদ্য ভূমিকা গ্ৰহণ কৰি অহা পাঠশালাৰ মেইন চ’কত অৱস্থিত ‘হেঙুলী প্ৰকাশে’ আজি ২৮সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ নিয়মীয়া বাৰ্তা, অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দৈনিক অসম, দৈনিক জনমভূমি আদি কাকতকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়সংখ্যক বাতৰি কাকত আৰু আলোচনী নিয়মীয়াকৈ বিতৰণ কৰাৰ লগতে বিভিন্ন গ্ৰন্থৰ সম্ভাৰেৰে বজালীৰ পঢ়ুৱৈ সমাজৰ সতে এটি মধুৰ সম্পৰ্ক গঢ়ি তোলা এক প্ৰতিস্থান হৈছে হেঙুলী প্ৰকাশ৷ আজি পৰা ২৮ বছৰ পূৰ্বে ১৯৯৪ চনৰ ৮ আগষ্টত বজালীৰ সাহিত্য- সংস্কৃতি আদিৰ সতে নিবিড়ভাবে জড়িত হৈ সমাজৰ উন্নয়ৰ হেতুকে বলিষ্ঠ ভূমিকা গ্ৰহন কৰা প্ৰয়াত নিবাৰণ চৌধুৰী নেতৃত্বত প্ৰতিষ্ঠা হৈছিল পাঠশালাৰ হেঙুলী প্ৰকাশ নামৰ এই গ্ৰন্থ বিপণীখন৷ পাঠশালাৰ সমাজকৰ্মী নিবাৰণ চৌধুৰীয়ে পাঠশালাত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুস্থিত কৰাৰ লগতে বিভিন্ন উৎসৱ উদযাপনৰ লগত প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছিল৷ বহুতো কালজয়ী গ্ৰন্থ পাঠক সমাজৰ মাজত সময়মতে যোগান ধৰি কিতাপ পঢ়া এক নতুন অভ্যাস গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিল প্ৰয়াত নিবাৰণ চৌধুৰীয়ে৷ ২০০১ চনত চৌধুৰীৰ বিয়োগৰ পিছত তেওঁৰ পত্নী প্ৰতিমা চৌধুৰীয়ে তেতিয়াৰ পৰা এই দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে৷ আজি এই গ্ৰন্থ প্ৰতিষ্ঠান খনৰ ২৮ বৰ্ষপূৰ্তিৰ শুভ মুহূৰ্তত প্ৰয়াত চৌধুৰীৰ কথা স্মৰণ কৰি পত্নী প্ৰতিমা চৌধুৰীয়ে কয় যে এই প্ৰতিষ্ঠানটোৱে প্ৰয়াত চৌধুৰীৰ অনুপস্থিতিৰ কথা বাৰুকৈ অনুভৱ কৰি আহিছে৷ তেওঁৰ হাতৰ পৰশত গঢ় লৈ উঠা প্ৰতিষ্ঠটোৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তত তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ সতে জড়িত অসমৰ পৰা প্ৰকাশিত বাতৰিকাকত বিতৰণ কৰা হকাৰসকললৈ আন্তৰিক কৃতজ্ঞতা জনায়৷ আজি গ্ৰন্থ বিপণীখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰ ভাগত হেঙুলী প্ৰকাশৰ সৈতে বহুবছৰ ধৰি জড়িত হৈ থকা মেনেজাৰ মৃদুল পাঠকে তেওঁলোকৰ প্ৰতিষ্ঠানৰ বাতৰিকাকত বিতৰণ কৰা হকাৰসকলৰ লগত এক অন্তৰংগ আলাপত মিলিত হোৱাৰ লগতে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি বিনামূলীয়া ত্ৰিৰংগা পতাকা বিতৰণ কৰে৷ উক্ত অনুষ্ঠানতে স্থানীয় সাংবাদিকৰ মাজতো বিনামূলীয়া ত্ৰিৰংগা পতকা বিতৰণ কৰা হয়৷ অনুষ্ঠানত পাঠশালাৰ জ্যেষ্ঠ হকাৰ বানেশ্বৰ দাস, কনিষ্ঠ হকাৰ মিন্টু দাসকে ধৰি কেবাগৰাকীও হকাৰে প্ৰয়াত নিবাৰণৰ চৌধুৰীৰ স্মৃতি ৰোমান্থন কৰি হেঙুল প্ৰকাশৰ এই পদক্ষেপৰ শলাগ লয়৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like