নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত বৃহৎ পৰিমাণৰ হেৰোইনসহ পেডলাৰ আটক

নিয়মীয়া বাৰ্তা,  ২৪ ফেব্ৰুৱাৰী : বিলাসীপাৰা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি নগৰ উপ-পৰিদৰ্শক দেৱাশিস বড়াৰ নেতৃত্বত এদল আৰক্ষীয়ে চহৰখনত অভিযান চলায়। অভিযানটোত চহৰখনৰ ৯নং ৱাৰ্ড উপৰটাৰীৰ ৰে’লৱে গেটৰ সমীপৰ পৰা এজন যুৱকক আটক কৰে। আটকাধীন যুৱকজনৰ ভাৰাঘৰত চলোৱা অভিযানত এশটাকৈ হেৰোইনভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত যুৱকজন ওদালগুৰি জিলাৰ ৰাণীপুখুৰী গাঁৱৰ আখতাৰুল ইছলাম। যুৱকজনে বিলাসীপাৰা চহৰত ঘৰ ভাৰাত লৈ নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই যোৱাৰ সন্দেহ কৰিছে। ধৃত পেডলাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে মাৰাথন জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like