নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত অতিবৃষ্টি–অনাবৃষ্টি

জলবায়ুৰ পৰিৱর্তনে সম্প্রতি সমগ্র বিশ্বতে জীৱকুলৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে৷ দ্রুতগতিত বনাঞ্চল হ্রাস, ঔদ্যোগিক ক্ষেত্রৰ সম্প্রসাৰণ, জনসংখ্যাৰ অত্যধিক বৃদ্ধি আদি কাৰকে জলবায়ু পৰিৱর্তনৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছে৷ আধুনিকতাৰ নামত এতিয়া চৌদিশে বনাঞ্চল ধ্বংস কৰি নতুন নতুন উদ্যোগ–প্রতিষ্ঠান, দলং আদি নির্মাণ কৰিবলৈ লোৱাৰ লগতে অৰণ্য ধ্বংস কৰি মানুহে গৃহ নির্মাণৰ বাবে উঠি-পৰি লাগিছে৷ ইয়াৰ কুফল বিশ্ববাসীয়ে ভোগ কৰিবলগীয়া হৈছে৷ কেৱল বিশ্বৰ অন্য দেশ বা অন্য ৰাজ্যসমূহেই নহয়, ইয়াৰ প্রভাৱ অসমতো পৰিবলৈ লৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধিয়ে অসমলৈ কঢ়িয়াই আনিছে অশনি সংকেত৷ জধে–মধে বন ধ্বংস কৰি জীৱশ্রেষ্ঠ মানৱ সমাজেই ভৱিষ্যৎ প্রজন্মৰ প্রতি ভাবুকি নমাই আনিছে৷ ইয়াৰ ফলত হোৱা জলবায়ুৰ পৰিৱর্তনে অসমৰ বায়ুমণ্ডলতো এক উদ্বেগজনক পৰিৱেশৰ সৃষ্টি কৰিছে৷ জলবায়ু পৰিৱর্তনৰ ফলত অসমত উৎকট গৰমে মানুহক অতিষ্ঠ কৰাৰ সমান্তৰালভাৱে হ্রাস পাইছে বৰষুণৰ পৰিমাণ৷ জলবায়ু পৰিৱর্তনৰ ফলত ৰাজ্যত বছৰি ০.০৪৯ ডিগ্রী চেলচিয়াছ উষ্ণতা বৃদ্ধি পাইছে৷ ইয়াৰ লগে লগে হ্রাস পাইছে ৰাজ্যত ১০.৭৭ মিলিমিটাৰ বৰষুণ৷ মন কৰিবলগীয়া যে সমগ্র পৃথিৱীৰ লগতে অসমতো জলবায়ু পৰিৱর্তনৰ এখন ভয়াৱহ ছবি প্রকট হৈছে৷ জলবায়ুৰ এনে দ্রুত পৰিৱর্তনৰ ফলত অস্বাভাৱিক বৃষ্টিপাত, উষ্ণতাৰ তাৰতম্য আদি সুলভ হৈ পৰিছে৷ অসমৰ জলবায়ু পৰিৱর্তনৰ কার্য পৰিকল্পনা ২০২১–৩০ (২.০) অনুসৰি ১৯৯০ চনৰ পৰা ২০১৯ চনলৈ বার্ষিক বৰষুণ হ্রাসৰ পৰিমাণ হৈছে ১০.৭৭ মিলিমিটাৰ৷ অসমৰ আটাইবোৰ জিলাৰ ভিতৰত ২৩খনতে বৰষুণৰ পৰিমাণ হ্রাস পাইছে৷ ভাৰতীয় বতৰ বিজ্ঞানৰ তথ্য অনুসৰি ২০২১ চনৰ ১ জুনৰ পৰা ২৮ জুলাইলৈ ২১ শতাংশ বৰষুণ কম হৈছে৷ এই তথ্য মতে গড় বৃষ্টিপাত ৭৯২.৩ মিলিমিটাৰৰ পৰা ৬২৫.৩ মিলিমিটাৰলৈ হ্রাস পাইছে৷ এই সময়ছোৱাত অসমৰ উষ্ণতা বহু পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
ৰাজ্য চৰকাৰৰ বিজ্ঞান–প্রযুক্তি আৰু জলবায়ু পৰিৱর্তন বিভাগৰ তথ্য অনুযায়ী ১৯৯০ চনৰ পৰা ২০১৯ চনলৈ ৰাজ্যত সর্বাধিক বার্ষিক গড় উষ্ণতা প্রতিবছৰে ০.০৪৯ ডিগ্রী চেলচিয়াছ আৰু সর্বনিম্ন বার্ষিক গড় উষ্ণতা ০.০১২৫৪ ডিগ্রী চেলচিয়াছ বৃদ্ধি পাইছে৷ আনহাতে, বছৰেকীয়া গড় উষ্ণতাও প্রতিবছৰে ০.০১৩ ডিগ্রী চেলচিয়াছকৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে অনিয়মীয়া উষ্ণতা বৃদ্ধি আৰু কম বৃষ্টিপাতৰ তথ্যই জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ কথাকে প্রতিপন্ন কৰিছে৷ ইয়াৰ ফলত শীতকালৰ দিনৰ সংখ্যা কমি গৈছে আৰু গ্রীষ্মপ্রৱাহ বাঢ়ি গৈছে৷ লগতে হঠাতে অতিবৃষ্টি হৈ বানপানীৰ সৃষ্টি হৈছে আৰু খহনীয়া বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি খৰাং বতৰে ৰাজ্যৰ কিছু অঞ্চলৰ কৃষিজাত দ্রব্য উৎপাদনত বাধাৰ সৃষ্টি কৰিছে৷ কিছুসংখ্যক গৱেষণা–পত্রত প্রকাশ পোৱা অনুসৰি, ২০০৫ আৰু ২০০৬ চনত ৰাজ্যৰ কেইবাখনো জিলাত খৰাংসদৃশ পৰিস্থিতিয়ে দেখা দিছিল৷ ২০০৯ চনৰ পৰা ২০১১ চনলৈ এই সময়ছোৱাত অসমৰ প্রায় ১৪খন জিলাত খৰাং বতৰ পৰিলক্ষিত হৈছিল৷ অস্বাভাৱিক বৰষুণ আৰু আবতৰীয়া বানৰ বাবে বর্ষাকালীন আৰু শীতকালীন ধানখেতিও ক্ষতিগ্রস্ত হৈছে৷ বৰষুণৰ এনে তাৰতম্যৰ বাবে বিভিন্ন ঠাইত ভূগর্ভস্থ পানী আৰু জলাশয়সমূহৰ জলস্তৰ হ্রাস পাইছে৷ একেদৰে জৈৱ–বৈচিত্র্যৰ ক্ষতি হোৱাৰ লগতে বন্যপ্রাণীৰ বসতিস্থলৰ পৰিৱর্তন ঘটিছে৷ শেহতীয়া তথ্য অনুসৰি জলবায়ুৰ পৰিৱর্তনৰ ফলতে অসমৰ দেওহাঁহৰ বসতিস্থল বিপদাপন্ন হোৱাৰ আশংকাই দেখা দিছে৷ এনে পৰিস্থিতিত জলবায়ু পৰিৱর্তনৰ বিষয়টো অধিক বিজ্ঞানসন্মতভাৱে আগবঢ়াই নিয়াৰ বাবে বিশেষ মনোযোগ দিয়াৰ সময় আহি পৰিছে৷ অৱশ্যে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত কেইবাটাও কার্যসূচী গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রীৰ জলবায়ু সহনশীল গাঁও ফেল’শ্বিপ আঁচনি, সেউজ উদ্ভাৱন পুঁজি, জলবায়ু পৰিৱর্তন সম্বন্ধীয় ব্যাপক সজাগতা কার্যসূচী, কাজিৰঙা আৰু মানাহ অঞ্চলত জলবায়ু সহনশীলতা বৃদ্ধিৰ কার্যসূচী, মিছন লাইফৰ বিষয়বস্তুভিত্তিক সজাগতা, জলবায়ু সহনশীল পৰম্পৰাগত প্রযুক্তিৰ চিনাক্তকৰণ আৰু বৈজ্ঞানিক বিশ্লেষণ, জলবায়ুৰ জৰিয়তে বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰি অহা হৈছে৷ কিন্তু এই কার্যসূচীসমূহ এতিয়াও সম্পূর্ণৰূপে ফলপ্রসূ হোৱা নাই৷ ইয়াৰ অন্যতম কাৰণ হৈছে জনসাধাৰণৰ সজাগতাৰ অভাৱ৷ প্রতিগৰাকী ব্যক্তি জলবায়ুৰ পৰিৱর্তন সম্পর্কে সজাগ নহ’লে প্রকৃতিৰ বিৰূপ প্রভাৱৰ পৰা ভৱিষ্যৎ প্রজন্মক ৰক্ষা কৰা সম্ভৱ নহ’ব৷

You might also like