বাৰ্তা বুৰো, ৩০ আগষ্ট : প্ৰতিটো বাৰিষাৰ সময়ত মৰিগাঁও জিলাবাসীৰ বানত নাজলৃ-নাথল অৱস্থাৰ সৃষ্টি হয় যদিও শেহতীয়াকৈ দুটা বছৰত জিলাখনৰ কেইবাটাও স্থানত জলসম্পদ বিভাগে বান-খহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়ণ কৰাৰ ফলত মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। কিন্তু জিলাখনৰ লুইতৰ দাঁতিকাষৰীয়া অঞ্চল বিশেষকৈ চৰ অঞ্চলৰ বাসিন্দাসকলৰ লুইতৰ পানী বঢ়াৰ লগে লগে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হৈ আহিছে। চৰ অঞ্চলৰ কৃষিজীৱী বাসিন্দাসকলৰ এই দিশটোৰ প্ৰতি উদ্বিগ্ন হৈ মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই নিজেই আগ-ভাগ লৈ কেইবাটাও বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত বানাক্ৰান্ত ৰাইজৰ আশ্রয়ৰ বাবে স্থায়ী আশ্ৰয়স্থল নিৰ্মাণৰ পৰিকল্পনা যুগুত কৰে আৰু কেৱল পৰিকল্পনাতে আবদ্ধ নাথাকি জিলা আয়ুক্তগৰাকীয়ে তৎকালীনভাৱে শৰৎ চন্দ্ৰ কাগতি চেৰিটেবল ট্ৰাষ্টৰ আৰ্থিক সহায়ত লাহৰীঘাটৰ বৰালিমাৰী চৰত এক স্থায়ী আশ্ৰয়স্থল নিৰ্মাণ কৰি উলিয়ায়। শেহতীয়াকৈ লুইতৰ জলস্তৰ বৃদ্ধিৰ লগে লগে সেই চৰৰ বাসিন্দাসকলে নিজৰ পশুধনসহ এই আশ্ৰয় স্থলত আশ্ৰয় ল’বলৈ সক্ষম হৈছে। জিলা আয়ুক্ত দেৱাশিস শৰ্মাই জানিবলৈ দিয়া মতে এনে বহুকেইটা স্থায়ী আশ্ৰয়স্থল জিলাখনৰ কেইবাটাও চৰ অঞ্চলত নিৰ্মাণ কৰা হ’ব।
প্ৰেৰক প্ৰাঞ্জল দাস