নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণত জার্নেলিজমৰ শিক্ষার্থীৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১১ ছেপ্টেম্বৰ
জার্নেলিজম এণ্ড মাছ কমিউনিকেচন বিষয়ত অধ্যয়ন কৰা ছাত্র–ছাত্রীসকললৈ এইবাৰ চাকৰিৰ সুযোগ দিছে কেন্দ্রীয় সংস্থাই৷ নির্দিষ্ট যোগ্যতাৰ ভিত্তিত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ৰ অধীনস্থ নেচনেল হাইৱে’ অথৰিটী অৱ ইণ্ডিয়া, চমুকৈ এনএইচএআইত কর্মচাৰী নিযুক্তি দিয়া হ’ব৷ সেই অনুসৰি সংস্থাটোৰ তৰফৰ পৰা বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ আগ্রহীসকলে অনলাইন অথবা অফলাইনত আবেদন জনাব পাৰিব৷ ডেপুটেচনৰ ভিত্তিত এই পদত নিযুক্তি দিয়া হ’ব৷ সংস্থাটোত নিযুক্তি দিয়া হ’ব ডেপুটী জেনেৰেল মেনেজাৰ (মিডিয়া ৰিলেচনছ) পদত৷ খালী পদৰ সংখ্যা ১টা৷ গ্রুপ এৰ এই পদত আবেদনৰ বাবে আবেদন জনাবলৈ প্রার্থীৰ বয়স হ’ব লাগিব ৫৬ বছৰৰ ভিতৰত৷ নিযুক্তিপ্রাপ্ত প্রার্থীক মাহিলি ৭৮,৮০০ টকাৰ পৰা ২,০৯,২০০ টকা দিয়া হ’ব৷ এই পদৰ বাবে প্রার্থীসকলে কোনো স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানৰ পৰা স্নাতক ডিগ্রী লাভ কৰাৰ পাছত জার্নেলিজম এণ্ড মাছ কমিউনিকেচন অথবা পাব্লিক ৰিলেচন নাইবা অন্য সমপর্যায়ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্রী/ডিপ্ল’মা লাভ কৰিব লাগিব৷ ইণ্ডিয়ান ইনফৰমেচন ছার্ভিচ (আইআইএছ)ৰ বিষয়াসকলেও এই পদত আবেদন জনাব পাৰিব৷ অৱশ্যে ইয়াৰ লগতে ৯ বছৰ ১৫,৬০০ টকাৰ পৰা ৩৯,১০০ টকা অথবা উচ্চ বেতনক্রমত চাকৰি কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ ইয়াৰ ভিতৰত পাঁচ বছৰ এডভাৰটাইজিং/পাব্লিচিটী/পাব্লিক ৰিলেচনছ/মিডিয়া ৰিলেচনছ/জার্নেলিজমৰ ক্ষেত্রত চাকৰি কৰাৰ অভিজ্ঞতা থকা বাঞ্ছনীয়৷ আগ্রহী প্রার্থীসকলে সংস্থাৰ ৱেবছাইটলৈ গৈ সকলো নথি–পত্রৰ সৈতে এই পদত আবেদন জনাব পাৰিব৷ অনলাইনযোগে আবেদন জনোৱাৰ শেষ দিন ৪ ছেপ্টেম্বৰ৷ ইয়াৰ পিছত সমগ্র নথি–পত্র আৰু আবেদন–পত্র বিজ্ঞাপনত উল্লেখ কৰা ঠিকনালৈ পঠিয়াব লাগিব৷ আবেদন–পত্র পঠিওৱাৰ শেষ দিন অহা ১১ ছেপ্টেম্বৰ৷

You might also like