নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়াত ৫৫ পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ৯ ছেপ্টেম্বৰ

ৰাষ্ট্রীয় সংস্থা অইল ইণ্ডিয়া লিমিটেডত কর্মচাৰী নিয়োগ কৰা হ’ব৷ ‘এপষ্ট্রিম ৱেল এণ্ড গেছ ইণ্ডাষ্ট্রী’ বিভিন্ন ক্ষেত্রৰ বাবে নিয়োগ কৰা হ’ব প্রার্থীসকলক৷ সম্প্রতি এই সম্পর্কীয় বিজ্ঞাপন প্রকাশ কৰা হৈছে সংস্থাৰ তৰফৰ পৰা৷ আগ্রহীসকলে অনলাইনযোগে আবেদন জনাব লাগিব৷ সংস্থাটোত নিয়োগ কৰা হ’ব বিশেষজ্ঞ অথবা ড’মেন এক্সপার্ট পদত৷ সংস্থাটোৰ জিঅ’লজী, জিঅ’ফিজিক্স, ৰিজাভয়েৰ, ৰিজাভয়েৰ/কেমিকেল, কেমিকেল, ড্রিলিং, প্রডাকচন আৰু মেকানিকেলৰ বিভিন্ন ক্ষেত্রৰ বাবে প্রার্থীসকলক নিয়োগ কৰা হ’ব৷ খালী পদৰ সংখ্যা ৫৫টা৷ আবেদনকাৰীৰ বয়স ৬০ৰ পৰা ৬৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ এই পদত প্রার্থীসকলক দুবছৰৰ বাবে নিয়োগ কৰা হ’ব৷ পদ অনুযায়ী নিযুক্তসকলৰ দৈনিক বেতন হ’ব ৮,০০০ৰ পৰা ১০,০০০ টকা৷ প্রাথমিকভাৱে নিযুক্তিপ্রাপ্তসকলৰ্ কর্মস্থলী দিল্লী হ’লেও পৰৱর্তী সময়ত সংস্থাৰ সিদ্ধান্ত অনুসৰি দেশৰ অন্যান্য স্থানতে নিযুক্তি দিয়া হ’ব পাৰে৷ প্রতিটো ক্ষেত্রত আবেদনৰ বাবে প্রয়োজনীয় শিক্ষাগত অর্হতা, পেছাদাৰী অভিজ্ঞতা আৰু দক্ষতাৰ মাপকাঠী সুকীয়া সুকীয়া৷ অৱশ্যে প্রতিটো ক্ষেত্রতে এপষ্ট্রিম অইল এণ্ড গেছ ইণ্ডাষ্ট্রীত বিভিন্ন ক্ষেত্রত কাম কৰাৰ ন্যূনতম অভিজ্ঞতা থাকিব লাগিব৷ আগ্রহী প্রার্থীসকলে বিজ্ঞাপনত প্রকাশিত ফৰমেটত আবেদন–পত্রসহ অন্যান্য নথি–পত্র বিজ্ঞাপনত উল্লেখ কৰা ই–মেইল আইডিত পঠিয়াই আবেদন জনাব লাগিব৷ আবেদনৰ অন্তিম তাৰিখ অহা ৯ ছেপ্টেম্বৰ৷

You might also like