নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লী ছবি মহোৎসৱত ‘ফেঁহুজালি’লৈ শ্রেষ্ঠ চুটি তথ্যচিত্রৰ সন্মান

🔹 আইজিপি ড০ পার্থসাৰথি মহন্ত পৰিচালিত তথ্যচিত্রই কঢ়িয়ালে সন্মান

বিশেষ বাৰ্তা, ২৯ মার্চ : অসম আৰক্ষীৰ সঞ্চালকপ্রধান (ডিজিপি) জি পি সিঙৰ দ্বাৰা প্রযোজিত আৰু মহাপৰিদর্শক (আইজিপি) ড০ পার্থসাৰথি মহন্তই পৰিচালনা কৰা ‘ফেঁহুজালি’ শীর্ষক তথ্যচিত্রখনে সপ্তম নতুন দিল্লী বোলছবি মহোৎসৱত শ্রেষ্ঠ চুটি তথ্যচিত্রৰ সন্মান লাভ কৰিছে৷ কালি নতুন দিল্লী বোলছবি মহোৎসৱত এই তথ্যচিত্রখন প্রদর্শন কৰা হয়৷ দর্শকেৰে ভৰি পৰা বোলছবিগৃহত চলচ্চিত্র জগতৰ গণ্যমান্য ব্যক্তি, ছবি সমালোচকৰ সমুখত প্রদর্শিত তথ্যচিত্রখনে সকলোৰে প্রশংসা লাভ কৰিবলৈ সক্ষম হয়৷ যুৱক–যুৱতীসকলক সন্ত্রাসবাদৰ ধূসৰ, অস্পষ্ট বাটেৰে খোজ দিয়াৰ বিপৰীতে বাস্তৱ আৰু শুদ্ধ এটা চিন্তাধাৰাৰে পৰিচিত হোৱাৰ বার্তা প্রদানেৰে তথ্যচিত্রখন নির্মাণ কৰা হৈছে৷ ‘ফেঁহুজালি’ তথ্যচিত্রখন ইংৰাজীলৈ তর্জমা কৰিছে ড০ জভিয়েল কলিতাই৷ তথ্যচিত্রখনে লাভ কৰা সাফল্যত আনন্দ প্রকাশ কৰি ডি জি পি সিঙে কয়– ‘আমি লক্ষ্য কৰি আহিছোঁ বিভিন্ন সন্মোহনৰ জৰিয়তে যুৱক–যুৱতীসকলক সন্ত্রাসবাদী সংগঠনত যোগদান কৰোৱা হয়৷ এনেদৰে সন্মোহনৰ দ্বাৰা এই সংগঠনত যোগদান কৰাসকলৰ পৰৱর্তী সময়ত মোহভংগ হোৱা বিষয়টো জনসাধাৰণক জনোৱাৰ উদ্দেশ্যে এই তথ্যচিত্রখন নির্মাণ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ এই যুৱক–যুৱতীসকলে তেওঁলোকৰ তিক্ত অভিজ্ঞতা ব্যক্ত কৰাৰ ইচ্ছা প্রকাশ কৰিছিল, যাতে আনে এনেধৰণৰ ভুল নকৰে ৷ আমাৰ যুৱ সমাজক বাস্তৱৰ সন্মুখীন কৰোৱাৰ এয়া এক প্রয়াস৷’ আনহাতে, ছবিখনৰ পৰিচালক আইজিপি ড০ মহন্তই কয় যে ধনৰ প্রলোভনকে ধৰি বিভিন্ন ছল–কৌশলেৰে সন্ত্রাসবাদী সংগঠনত যোগদান কৰোৱাৰ অপচেষ্টা এই ছবিখনৰ মাধ্যমেৰে দাঙি ধৰাৰ প্রয়াস কৰা হৈছে৷ এই ছবিখনত ভাৰতৰ পৰা অসমক স্বাধীন কৰাৰ সপোনৰ প্রতি মোহভংগ হোৱাৰ আৰু এনে সপোন যে এক মৰীচিকা, তাৰ উপলব্ধি চিত্রিত কৰা হৈছে৷ বৈদেশিক শক্তিৰে পৰিচালিত এই সন্ত্রাসবাদী সংগঠনৰ প্রতি স্বপ্ণভংগ হোৱা আৰু এক সুস্পষ্ট ভাবধাৰাৰে যুৱক–যুৱতীসকল ঘৰলৈ ঘূৰি আহিছে৷ উল্লেখ্য যে দর্শকৰ মাজত বিপুল সমাদৰ লাভ কৰা ‘ফেঁহুজালি’য়ে পুৰস্কাৰ লাভৰ যোগেৰে সুনাম কঢ়িয়াই অনাৰ উপৰি সামাজিক প্রেক্ষাপটত সজাগতাৰ সৃষ্টি কৰিব৷

You might also like