নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোক বিয়ালৈ মতা নাই কিন্তু মই জবৰদস্তি বিয়ালৈ যাম’-কাৰ স্বভাৱ!

কি ক'লে মন্ত্ৰী পীয়ূষ হাজৰিকাই?

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ মোক বিয়ালৈ মতা নাই কিন্তু মই জবৰদস্তি বিয়ালৈ যাম এনে স্বভাৱ আছে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। তেওঁ কয় যে কংগ্ৰেছে এই মিত্ৰতা কৰি অসমীয়াৰ স্বাভিমানক আঘাত হানিছে।

AIUDF এটা সাম্প্ৰদায়িক দল। AIUDF-এ বাংলাদেশীৰ সমৰ্থনত কাম কৰে। খিলঞ্জীয়াৰ বিপৰীতে কাম কৰে AIUDF-এ। তেনেকুৱা এটা দলৰ লগত কংগ্ৰেছে মিতিৰালি পাতি অসমীয়াক আঘাত দিছে। তেওঁলোকৰ উদ্দেশ্যটো হৈছে কিবাকৈ চৰকাৰ গঠন কৰিব লাগে আৰু অসমীয়াৰ মাটিখিনি দখল কৰিব লাগে। অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব নোহোৱা কৰিব লাগে। এই কথাবোৰ অসমীয়া ৰাইজে দেখি আছে গতিকে কংগ্ৰেছক ভোট নিদিয়ে। AIUDFক ভোট দিয়াৰ প্ৰশ্নই নুঠে। গতিকে পুনৰবাৰ অসমত বিজেপিৰ চৰকাৰ হ’ব। আমিয়েই পুনৰ চৰকাৰ গঠন কৰিম বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

You might also like