নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা প্ৰযুক্তিৰে নিৰ্মিত বন্দে ভাৰত এক্সপ্ৰেছ দেশৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতিফলনঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২৯ মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ ফ্লেগ অফ কৰে৷ এই উপলক্ষে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ 

 

উল্লেখ্য যে, গুৱাহাটী আৰু  পশ্চিম বংগৰ নিউ জলপাইগুৰিৰ মাজত চলিবলগীয়া দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এই দ্ৰুতগামী ৰে’লখনে প্ৰায় ৪১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ৫ ঘণ্টা ৩০ মিনিট সময়ত অতিক্ৰম কৰিব৷ অত্যাধুনিক এই ৰে’লগাড়ীখনত ‘কবচ’ নামৰ ৰে’ল সংঘৰ্ষ পৰিহাৰ কৰিব পৰা ব্যৱস্থাৰ লগতে বায়’ভেকুৱাম টয়লেট, ৩৬০ ডিগ্ৰী ঘূৰ্ণীয়মান আসন, দিব্যাংগজনৰ উপযোগী প্ৰসাধন কক্ষ তথা ছীট হেণ্ডেল আদিকে ধৰি বিভিন্ন সুবিধা সংযোজিত কৰা হৈছে৷

 

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই উত্তৰ পূৰ্বাঞ্চলক পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণৰ জৰিয়তে ৰূপান্তৰৰ দিশলৈ নিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ থকাৰ লক্ষ্য পূৰণত বন্দে ভাৰত ৰে’লগাড়ীখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত বিগত ৯ টা বছৰত দেশে কি দৰে আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে সেয়া এই দ্ৰুতবেগী ৰে’লগাড়ীখনে প্ৰতীয়মান কৰিছে৷

 

বন্দে ভাৰত এক্সপেছক এই শ্ৰেণীৰ   উৎকৃষ্টতম ৰে’লগাড়ী বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ৰে’লগাড়ীখনে যাত্ৰীসকলক বিশ্বমানৰ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব৷ উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা নিৰলস প্ৰচেষ্টাৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে লোৱা বিভিন্ন পদক্ষেপৰ বাবে ৰে’ল, পথ আৰু জল পথৰে যাতায়তৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে অভূতপূৰ্ব   আধুনিকীকৰণ সম্ভৱ হৈ উঠিছে৷ ভাষণ প্ৰংসগত ড॰ শৰ্মাই ব্ৰহ্মপুত্ৰ নৈৰ ওপৰেৰে পুৰণি শৰাইঘাট দলঙৰ সমীপত আৰু কলীয়াভোমোৰা দলঙৰ সমীপত একোখনকৈ ৰে’লৱে দলং নিৰ্মাণ কৰিবলৈ লোৱা হৈছে বুলিও সদৰি কৰে৷

You might also like