নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব ভাৰতৰ সামর্থ্য–নৱপ্রজন্ম্ ওপৰত দেশৰ বিশ্বাস অটুট আছে

তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱর্তন সমাৰোহত প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ ‘আজিৰে পৰা আপোনালোকৰ কেৰিয়াৰৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয়ৰ নাম জীৱনজুৰি যুক্ত হৈ ৰ’ল৷ আপোনালোক আজি যিমান সুখী, ময়ো সিমানেই সুখী৷’ –দেশৰ অন্যতম অগ্রণী উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱর্তন সমাৰোহত ভার্চুৱেলযোগে মুখ্য অতিথি হিচাপে অংশ লৈ এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁ কয়– আজি আপোনালোকে নিজৰ ভৱিষ্যতক লৈ যিমান আশাৰে পৰিপূর্ণ হৈ আছে, সিমানেই আপোনালোকৰ ওপৰত মোৰ অপাৰ বিশ্বাস আছে৷ মোৰ ভৰসা আছে যে আপোনালোকে তেজপুৰত থাকি তেজপুৰ বিশ্ববিদ্যালয়ত যি শিকিলে অসম আৰু দেশৰ প্রগতিক অধিক গতিশীল কৰিব আৰু নতুন ডত্তৰণ ঘটাব৷ এই ভৰসাৰ কেইবাটাও কাৰণ আছে৷ প্রথমটো হ’ল– তেজপুৰৰ এই ঐতিহাসিক স্থান, ইয়াৰ পৌৰাণিক ইতিহাসৰ পৰা লাভ কৰা প্রেৰণা৷ দ্বিতীয়টো– তেজপুৰ বিশ্ববিদ্যালয়ত আজি যি কর্মৰাজি অব্যাহত আছে সেয়া বহু ডৎসাহজনক৷ তৃতীয়টো হ’ল– পূব ভাৰতৰ সামর্থ্যৰ ওপৰত ইয়াৰ জনসাধাৰণ আৰু নৱপ্রজন্মৰ ক্ষমতাৰ ওপৰত, ৰাষ্ট্র নির্মাণৰ ক্ষেত্রত তেওঁলোকৰ প্রয়াস সন্দর্ভত কেৱল মোৰেই নহয়, দেশৰো বিশ্বাস অটুট আছে৷

উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ ২৭ বছৰীয়া ইতিহাসত পোনপ্রথমবাৰৰ বাবে শিক্ষানুষ্ঠানখনৰ সমাৱর্তন সমাৰোহত অংশগ্রহণ কৰে দেশৰ প্রধানমন্ত্রীয়ে৷ ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে ভাষণ প্রদান কৰি প্রধানমন্ত্রী মোদীয়ে প্রসংগক্রমে অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই ৰচনা কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ শীর্ষ গীতৰ কলিও আওৰায়৷ ‘অগ্ণিগডৰ স্থাপত্য, কলিয়াভোমোৰাৰ সেতু নির্মাণ/জ্ঞান জ্যোতির্ময়/সেহি স্থানতে বিৰজিছে তেজপুৰ বিশ্ববিদ্যালয়’ শীর্ষক গীতটিৰ তাৎপর্য ব্যাখ্যা কৰি এয়া তেজপুৰৰ প্রেৰণা বুলি মন্তব্য কৰে মোদীয়ে৷ সুধাকণ্ঠৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষুপ্রসাদ ৰাভাৰ দৰে মহান শিল্পীসকল তেজপুৰৰ পৰিচয়৷ তেওঁলোকৰ কর্মভূমি–জন্মভূমিত্ আপোনালোক থিয় হৈ আছে৷ সেয়েহে আপোনালোকে গৌৰৱ অনুভৱ কৰিব লাগে বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ দেশৰ স্বাধীনতা আন্দোলনত অসমৰো অসংখ্য যুৱক–যুৱতীয়ে আত্ম বলিদান দিয়া বুলি স্মৰণ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– এতিয়া শিক্ষা সমাপ্ত কৰা ছাত্র–ছাত্রীসকলে নতুন ভাৰতৰ বাবে, আত্মনির্ভৰশীল ভাৰতৰ বাবে জয়ী হৈ দেখুৱাব লাগিব৷ জীৱনক সার্থক কৰি দেখুৱাব লাগিব৷ আজি দেশৰ বিভিন্ন ক্ষেত্রত ন ন চিন্তা আৰু উদ্ভাৱনেৰে আগবঢ়া এই প্রক্রিয়াত আপোনালোকৰো যথেষ্ট সম্ভাৱনা আছে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কম মূল্যতে ডপলব্ধ বিশুদ্ধ খোৱাপানীৰ প্রকল্পৰ লগতে বিভিন্ন বিভাগৰ ন ন প্রযুক্তি উদ্ভাৱনেৰে অসমৰ ডপৰি দেশৰ বিভিন্ন প্রান্তত সমাদৃত হৈছে৷ ‘ভকেল ফৰ লোকেল’ আপ্তবাক্যশাৰী সমার্থক কৰি তুলিছে তেজপুৰ বিশ্ববিদ্যালয়ে৷ পাৰিপার্শ্বিক–জৈৱ বৈচিত্র্যৰ সুৰক্ষা, বটদ্রৱাৰ শংকৰী কলা–সংসৃকতি বিজডিত ভাস্কর্যৰ সমলসমূহৰ সংৰক্ষণৰ দৰে সামাজিক আৰু সাংসৃকতিক দায়িত্বও পালন কৰি অহা এই বিশ্ববিদ্যালয়খনে গৱেষণা কৰাৰ প্রেৰণা ক’ৰ পৰা পায় বুলি প্রশ্ণ কৰি নিজেই ইয়াৰ ডত্তৰ দিয়ে প্রধানমন্ত্রীগৰাকীয়্৷ তেজপুৰ বিশ্ববিদ্যালয় চৌহদত থকা শিক্ষাথ্ৰ আৱাসসমূহ চৰাইদেড, নীলাচল, কাঞ্চনজংঘা, পাটকাই, ধনশিৰি, সোৱণশিৰি, কপিলী আদি নামেৰে নামকৰণ কৰা হৈছে৷ এয়া কেৱল পর্বত–পাহাৰ আৰু নৈৰ নাম নহয়, এয়া জীৱনৰো প্রেৰণাৰ ডৎস৷ দেশত প্রৱর্তিত শিক্ষা নীতি –২০২০ সফল কৰাত তেজপুৰ বিশ্ববিদ্যালয়েও বিশেষ ভূমিকা গ্রহণ কৰিব বুলি প্রধানমন্ত্রীগৰাকীয়্ আশা ব্যক্ত কৰি কেৱল নিজৰ ভৱিষ্যৎ নহয়, দেশৰ ভৱিষ্যৎ আৰু ভাগ্যও নির্ণয় কৰাত শিক্ষাথ্সকলক অৱতীর্ণ হ’বলৈ আহ্বান জনায়৷

উল্লেখ্য যে সমাৱর্তন সমাৰোহখনত আচার্য তথা ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাৰ পৰাই পৌৰোহিত্য কৰাটো আন এক নজিৰবিহীন কথা হিচাপে বিবেচিত হৈছে৷ ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যপাল মুখীয়ে আগবঢ়োৱা বক্তব্যত কয়– আজিৰ এই দীক্ষান্ত সমাৰোহত মুঠ ১,২১৮গৰাকী শিক্ষাথ্ক ডিগ্রী আৰু ডিপ্ল’মা প্রদান কৰা হ’ব৷ ইয়াৰে ৮৬গৰাকী পি এইচ ডি, ৭২৫গৰাকী স্নাতকোত্তৰ, ৩৭১গৰাকী স্নাতক আৰু ৩৬গৰাকীয়ে স্নাতকোত্তৰ ডিপ্ল’মা আৰু বিভিন্ন শাখাত খ্যাতিৰে ডত্তীর্ণ হৈছে৷ ইয়াৰ ৪৮গৰাকীয়ে সোণৰ পদক লাভ কৰিব৷ এই প্রতিকূল পৰিস্থিতিৰ মাজতো তেজপুৰ বিশ্ববিদ্যালয়ে শৈক্ষিক পৰিক্রমা অব্যাহত ৰাখি এক দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে৷ অসম আন্দোলনৰ ফলত প্রতিষ্ঠা লাভ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ তাৎপর্য ব্যক্ত কৰি ৰাজ্যপালগৰাকীয়ে শিক্ষাথ্সকলৰ ডজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতে বিশ্ব নির্মাণৰ ক্ষেত্রত মহত্ত্বপূর্ণ অৱদান আগবঢ়োৱাৰ বাবে আহ্বান জনায়৷ আজিৰ এই সমাৰোহত ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে নতুন দিল্লীৰ পৰা ভাষণ প্রদান কৰে কেন্দ্রীয় মানৱ সম্পদ মন্ত্রী ৰমেশ পোখৰিয়াল নিছাংকে৷ আজিৰ এই সমাৰোহত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে সাংসদ পল্লৱলোচন দাস আৰু ডপাচার্যগৰাকীয়ে শিক্ষা সমাপ্ত কৰা ছাত্র–ছাত্রীসকলক বিভিন্ন ডিগ্রী–ডিপ্ল’মা আৰু সোণৰ পদক প্রদান কৰে৷

You might also like