নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই লক্ষাধিকৰ উপস্থিতিত কাইলৈ নলবাৰীত বিজেপিৰ ৰণডংকা

আমিনগাঁৱত বাহৰ অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ গৃহমন্ত্রী অমিত শ্বাহক আদিৰবলৈ সাজু হৈ উঠিছে পূব নলবাৰীৰ পাইকাৰকুছিৰ সমীপৰ কেন্দুকুছি গাঁৱৰ শ্বহীদ মুকুন্দ কাকতি স্মৃতিক্ষেত্র৷ যুদ্ধকালীন তৎপৰতাৰে ইতিমধ্যে সাজু কৰি তোলা হৈছে ১২ লাখ বর্গকিলোমিটাৰ এলেকা৷ ওচৰতে নির্মাণ কৰা হৈছে হেলিপেড৷ যোৱা ১৮ জানুৱাৰীত বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্বহীদ মুকুন্দ কাকতি স্মৃতিক্ষেত্র পৰিদর্শন কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ নির্দেশ দিয়াৰ পাছতে ১৯ জানুৱাৰীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও অহা ২৪ জানুৱাৰীত অনুষ্ঠিতব্য বিজয় সংকল্প সমাৰোহস্থলী পৰিদর্শন কৰে৷ ইফালে, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই নলবাৰীতে বাহৰ পাতি বিজয় সংকল্প সমাৰোহ সফল কৰিবলৈ সকলো দিশ তদাৰক কৰিছে৷ বিশাল সমাৰোহখনত প্রায় দুই লাখ লোকে অংশগ্রহণ কৰিব বুলি আশা প্রকাশ কৰে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক শইকীয়াই৷

ইফালে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ভ্রমণক কেন্দ্র কৰি উৎসাহিত হৈ পৰিছে নলবাৰী জিলাৰ বিজেপি নেতা–কর্মীসকল৷ ২০০গৰাকী মহিলাই উৰুলি দিয়াৰ লগতে আয়তীৰ নাম, বিহু, খেৰাই নৃত্য, বাগৰুম্বা নৃত্য, ঢুলীয়া, কালিয়া, বেণ্ডপার্টী আদিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক আদৰণি জনাব৷ সমাৰোহৰ প্রাক্মুহূর্তত শ্বহীদ মুকুন্দ কাকতি স্মৃতিক্ষেত্রত  বিয়লি অনুষ্ঠিত এখন সংবাদ মেলত উপস্থিত ৰাজ্যিক বিজেপিৰ উপ–সভাপতি জয়ন্ত মল্ল বৰুৱাই কয়– ২৪ জানুৱাৰীৰ বিশাল বিজয় সংকল্প সমাৰোহৰ জৰিয়তে নামনি অসমত বিজেপিয়ে প্রথমটো নির্বাচনী ৰণডংকা বজাব৷ এই সমাৰোহত বিজেপিৰ সাংগঠনিক চাৰি জিলা নলবাৰী, বাক্সা, উত্তৰ কামৰূপ আৰু পাটাছাৰকুছিৰ অন্তর্গত মুঠ ১২টা বিধানসভা সমষ্টিৰ পৰা দুই লক্ষাধিক জনতা আহি বিজয় সংকল্প গ্রহণ কৰিব৷ ২০২১ চনৰ নির্বাচনী ৰণশিঙা আমি নলবাৰীৰ পৰাই বজাব খুজিছোঁ৷ ‘কা’ আন্দোলনৰ সময়ত নলবাৰীৰ পৰাই বিজেপিয়ে শান্তি সমদল যাত্রা কৰি সমগ্র অসমতে শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ অহা ২৪ জানুৱাৰীৰ দিনৰ ১ বজাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত হ’ব বুলি তেওঁ সদৰী কৰে৷ আজিৰ সংবাদ মেলত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামী, বিধায়ক অশোক শর্মা, নাৰায়ণ ডেকা, প্রাক্তন মন্ত্রী ৰেখাৰাণী দাস বড়ো, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, ৰাজ্যিক বিজেপিৰ নেতা মনোজ বৰুৱা আদি৷ উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আগমনক কেন্দ্র কৰি নলবাৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ অসম আৰক্ষীৰ এজন শীর্ষ বিষয়াই জানিবলৈ দিয়া মতে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৩ৰ পৰা ৫ তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে৷ বাহিৰৰ পৰা অতিৰিক্ত কোম্পানীও নিয়োজিত কৰা হৈছে৷ অসামৰিক পোছাকতো থাকিব নিৰাপত্তাৰক্ষী৷ দলৰ পৰাও থাকিব স্বেচ্ছাসেৱক৷
বিটিআৰ চুক্তিৰ প্রথম বর্ষপূর্তি উদ্যাপনৰ ব্যাপক প্রস্তুতি
কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো জনগোষ্ঠীয় সংগ্রামী সংগঠনৰে সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ শান্তি চুক্তিয়ে অহা ২৭ জানুৱাৰীত এবছৰ পূর্ণ কৰিব৷ এই উপলক্ষে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপিৰ সন্মিলিত নৱনির্বাচিত বিটিচি চৰকাৰখনে বিটিআৰত ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ চাৰিদিনীয়া কার্যসূচীৰে প্রথম বিটিআৰ চুক্তিৰ বর্ষপূর্তি উদ্যাপনৰ বাবে ব্যাপক প্রস্তুতি চলাইছে৷ ইয়াৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিআৰ সচিবালয়ৰ গাতে লাগি থকা গ্রীন ফিল্ডত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক আদৰিবৰ বাবে দিনে–নিশাই যুদ্ধকালীন প্রস্তুতি চলাই থকা হৈছে৷ উল্লেখ্য যে ২৪ জানুৱাৰীত প্রথম দিনা বিটিআৰ চুক্তি দিৱস উপলক্ষে আয়োজন কৰা গ্রীন ফিল্ডৰ বিশাল জনসভাত আমন্ত্রিত মুখ্য অতিথি হিচাপে কোকৰাঝাৰত উপস্থিত থাকিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ তিনি লক্ষাধিক লোক সমৱেত হ’ব বুলি ধাৰণা কৰা গ্রীন ফিল্ডৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰ আটকধুনীয়াকৈ সজাই তোলা হৈছে৷ আনপিনে, আজি সভাথলীৰ কাষত গৃহমন্ত্রীৰ লগতে আন ভিআইপিসকলৰ হেলিকপ্ঢাৰ অৱতৰণৰ বাবে নির্মাণ কৰা দুখনকৈ অস্থায়ী হেলিপেডৰ কাৰিকৰী দিশ তথা সভাথলীৰ নিৰাপত্তামূলক দিশসমূহ আজি আবেলি বায়ুসেনা বাহিনীৰ এখন বিশেষ হেলিকপ্ঢাৰে নিৰীক্ষণ কৰে৷ চাৰি দিনীয়াকৈ উদ্যাপিত হ’বলগীয়া বিটিআৰ চুক্তিৰ প্রথম বর্ষপূর্তিৰ অনুষ্ঠান কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২৪ জানুৱাৰীত কোকৰাঝাৰৰ গ্রীন ফিল্ডত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি পুৱা ১০ বজাত উপস্থিত ৰাইজক সম্বোধি এখন বিশাল জনসভাত অংশগ্রহণ কৰিব৷ ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ কোকৰাঝাৰৰ উপৰি চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ সদৰত প্রথম বিটিআৰ চুক্তি দিৱস উদ্যাপন কৰা হ’ব৷ বিটিআৰ চুক্তি দিৱস উপলক্ষে বিটিআৰৰ চাৰিখন জিলা ক্রমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে৷ উল্লেখ্য যে আজি নিশা গুৱাহাটীত উপস্থিত হ’বলগীয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বাহৰ পাতিব আমিনগাঁওস্থিত লোকনির্মাণ বিভাগৰ অতিথিশালাত৷

You might also like