নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি লিখা কবিতাৰে চৰ্চালৈ কবি আলিমুদ্দিন

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ দিনত বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে ২০১৭ চনতে প্ৰথমবাৰৰ বাবে অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰীবটদ্ৰৱা থানলৈ আহোতে “নিশ্চুপ তোমাৰ আপোন ভাৱত জগত আমোল মোলায়” নামৰ এটা কবিতা লিখি উপহাৰ হিচাপে নগাঁও জিলাৰ এজন কবিয়ে আগবঢ়াই মুখ্যমন্ত্ৰীৰ হাতত নিজে দিছিল। পুনৰ বিগত ২৪ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী ড° শৰ্মা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ আহোতে ধিং মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক তথা বটদ্ৰৱাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ধূপগুৰিৰ ভেৰভেৰী নিবাসী আলিমুদ্দিন নামৰ স্বভাৱ কবি ৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এটা স্বৰচিত কবিতা উপহাৰ হিচাপে আগবঢ়ায়। বিভিন্নজন কাব্য অনুৰাগীৰ সন্মুখত কবি আলিমুদ্দিনে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বাবে লিখা কবিতাটো পাঠ কৰি বিমল আনন্দ আৰু আত্ম তৃপ্তি লাভ কৰে। দুখনকৈ স্বৰচিত কাব্যগ্ৰন্থৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে কবি আলিমুদদ্দিন চাহাবে। সামাজিক মাধ্যমতো “নিশ্চুপ তোমাৰ আপোন ভাৱত জগত আমোলমোলায়” নামৰ এই বিশেষ কবিতাটো বহুলভাৱে সমাদৃত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰ অন্যতম অনুৰাগী হিচাপে বিশেষভাৱে পৰিচিত কবিগৰাকীয়ে “নিশ্চুপ তোমাৰ আপোন ভাৱত জগত আমোলমোলায়” নামৰ কবিতাটোত কবিগৰাকীয়ে এফালে মুখ্যমন্ত্ৰীগৰাকীৰ ফটোৰ লগত নিজৰো ফটো এখন ছপা বন্ধাই দিয়ে।

প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা

You might also like