নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্ভাৱনী সৃষ্টিৰে উজলিছে বৰজাৰৰ মিতুল

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ উদ্ভাৱনী সৃষ্টিৰে উজ্বলিছে নলবাৰীৰ এগৰাকী যুৱক। নলবাৰীৰ বৰজাৰৰ প্ৰতিভাৱান যুৱক মিতুল হ’কে নিজৰ উদ্ভাৱনী চিন্তাৰে বাইকৰ ইঞ্জিনেৰে সাজিলে চাৰিচকীয়া বাহন। নলবাৰী জিলাৰ বৰজাৰৰ এটা গেৰেজত কাম কৰা যুৱক মিতুল হ’কে আজৰি সময়ত ঘৰতে সাজি তুলিলে চাৰিচকীয়া বাহনখন। পালছাৰ বাইকৰ ইঞ্জিনেৰে যুৱকজনে সাজি তুলিলে বাহনখন। জুবিন অনুৰাগী যুৱকজনে ইয়াৰ পূৰ্বেও জুবিনৰ নামেৰে এখন বাইক নিৰ্মাণ কৰিছিল।বিশেষ কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ তিনিটা বৰ্ষৰ কঠোৰ পৰিশ্ৰমৰ অন্তত যুৱকজনে বাহনখন সাজি উলিয়াইছে যদিওঁ অৰ্থৰ অভাৱৰ কাৰণে বৰ্তমানলৈ সম্পূৰ্ণকৈ কৰিব পৰা নাই বাহনখনৰ কাম। বাইকৰ ইঞ্জিনেৰে চাৰিচকীয়া সাজি এতিয়া চৰ্চিত হৈ পৰিছে নলবাৰীৰ বৰজাৰৰ মিতুল হ’ক। এতিয়া মিতুলে সাজি তোলা বাহনখন চাবলৈ বিভিন্নজনে ভিৰ কৰিছে তেওঁৰ বাসগৃহত। প্ৰায় তিনিটাকৈ বছৰৰ চেষ্টাত যুৱকজনে সাজি তুলিবলৈ সক্ষম হৈছে বাহনখন।বাইকৰ ইঞ্জিনেৰে চালিত বাহনখনত আছে বেক গিয়াৰ। সাধাৰণতে বাইকৰ ইঞ্জিনত নাথাকে বেক গিয়াৰ কিন্তু যুৱকজনে চাৰিচকীয়াৰ দৰে বাহনখনত সংস্থাপিত কৰিছে বেক গিয়াৰ। দিনত গেৰেজত কাম কৰা যুৱকজনে প্ৰতিনিশাই কৰি আহিছিল বাহন নিৰ্মাণৰ কাম। এইক্ষেত্ৰত তেওঁ পৰিয়ালৰ অন্য সদস্যসকলৰ লগতে বন্ধুবৰ্গৰ পৰাও লাভ কৰিছিল সহাঁৰি। যুৱকজনৰ এইধৰণৰ উদ্ভাৱনী শক্তিক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে। জুবিন গাৰ্গৰ এগৰাকী ভাল অনুৰাগী মিতুলে গেৰেজত অনবৰতে শুনি থাকে জুবিনৰ গান । ইয়াৰ পূৰ্বে জুবিনৰ কাঞ্চনজংঘা ছবিখন মুক্তিৰ পিছতে এখন চুপাৰ স্প্লেণ্ডাৰ বাহনেৰে বুলেট বাহন নিৰ্মাণ কৰিছিল।প্ৰতিভাৱান যুৱক মিতুল হ’কে উদ্ভাৱনী শক্তিৰ পৰিচয় দিয়াৰ পিছত ভৱিষ্যতে উন্নতিৰ পথত আৰু আগুৱাই গৈ অঞ্চলটোৰ লগতে দেশৰো নাম উজ্বলাবলৈ সক্ষম হ’ব বুলি বিভিন্নজনে আশা প্ৰকাশ কৰিছে।

প্ৰেৰক শৈলেন বৰ্মন

You might also like