নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি মাজুলীত খহি পৰিল কুঁহিয়াৰবাৰী-মৰিসুঁতি দলং

মাজুলী জিলাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কুঁহিয়াৰবাৰী- মৰিসুঁতি সংযোগী কাঠৰ দলংখন আজি ভাগি পৰে৷ প্ৰায় দুটা বছৰ ধৰি অতি জৰাজীৰ্ণ হৈ থকা দলংখন মেৰামতিৰ বাবে বিগত সময়ত স্থানীয় জনসাধাৰণৰ নিজা প্ৰচেষ্টাত জৰাজীৰ্ণ অংশসমূহ মেৰামতি কৰিছিল যদিও লাহে লাহে দলংখন অতি দুৰ্বল হৈ পৰে, ফলত আজি দলংখন বাগৰি পৰে৷

উল্লেখ্য যে যাতায়াত-যোগাযোগত বছৰ বছৰ ধৰি নৰক যন্ত্ৰণা ভুগি অহা কুঁহিয়াৰবাৰী-মৰিসুঁতি সংযোগী কাঠৰ দলংখন বিগত দুটা বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰাত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰিছিল স্থানীয় জনসাধাৰণে৷ বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই দলংখন নিৰ্মাণ কৰি যাতায়াত-যোগাযোগৰ ক্ষেত্ৰত অঞ্চলবাসীয়ে ভুগি অহা নৰক যন্ত্ৰণাৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছিল যদিও দলংখনৰ ঠিকা লাভ কৰা ঠিকাদাৰ পক্ষই দলং নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ বাবেই খুব কম দিনতে দলংখন ভাগি পৰিছে বুলি স্থানীয় জনসাধাৰণে অভিযোগ উত্থাপন কৰিছে৷

জানিব পৰা মতে, দলংখন পকীকৰণৰ বাবে বিভাগে ইতিমধ্যে নিবিদা গ্ৰহণ কৰিছে৷ কিন্তু দলংখন পকীকৰণৰ পূৰ্বে অঞ্চলটোৰ মাজত সঘন যোগাযোগ স্থাপন কৰিব পৰা উক্ত স্থানত লঘু বাহন পাৰাপাৰ হ’ব পৰাকৈ বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে৷

নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ৫ মাৰ্চ :

You might also like