গুলী খোৱা চিপাহী আৰু আৰক্ষী শ্বহীদ স্মৃতি দিৱস
এক
কিছুদিন আগৰ কথা৷ কার্যালয় কক্ষত বহি আছোঁ৷ এনেতে এজন কনিষ্টবল আহিল মোক দেখা কৰিবলৈ৷ তেওঁ কি অনুৰোধ লৈ মোৰ ওচৰলৈ এইদৰে আহিছে, সেই কথা বুজিবলৈ বৰ বেছি সময় নালাগিল৷ আৰক্ষী বাহিনীত সুদীর্ঘ দিন ধৰি বিভিন্ন পদবীত কার্যনির্বাহ কৰাৰ অভিজ্ঞতাই কিছু পৰিমাণে হ’লেও মুখ মেলিলেই গর্ভ চিনি পোৱাকৈ গঢ়ি তুলিছে৷ গতিকে কনিষ্টবলজনে যে তেওঁৰ বদলি স্থগিতকৰণৰ বাবে অনুৰোধ জনাবলৈ আহিছে, সেই কথা তেওঁ সম্পূর্ণকৈ কথাখিনি কোৱাৰ পূর্বেই বুজি পালোঁ আৰু চৰম বিৰক্তিৰে তেওঁক যাবলৈ ক’লোঁ৷ সঁচা কথা ক’বলৈ গ’লে বদলি স্থগিতকৰণৰ দৰে অনুৰোধ লৈ আহিলে সাধাৰণতেই মই বিৰক্ত হওঁ, মোৰ খং ডঠে৷ চৰকাৰী চাকৰি কৰিলে, চৰকাৰৰ সুবিধা অনুযায়ী চৰকাৰে য’তেই কাম কৰিবলৈ দিয়ে, ত’তেই কাম কৰিবলৈ সাজু থাকিব লাগে, কর্মচাৰীৰ ব্যক্তিগত সুবিধা–সুবিধাৰ ওপৰত নির্ভৰ কৰি চৰকাৰ নচলে– মই পোনপটীয়াভাৱে কথাবোৰ এনেদৰেই বুজি পাওঁ আৰু সেইবাবেই কোনোবাই বদলি স্থগিতকৰণৰ দৰে অনুৰোধ জনালে মোৰ খং উঠে অথবা মই বিৰক্ত হওঁ৷
কনিষ্টবলজনে কিবা এষাৰ ক’বলৈ বিচাৰিলে৷ প্রথম অৱস্থাত মই সেয়া শুনিবলৈ ৰাজী নহ’লোঁ৷ কনিষ্টবলজনে পুনৰ অনুৰোধ জনালে– খুউব চমুকৈ সি কিবা এষাৰ ক’বলৈ বিচাৰে৷ ক’বলৈ অনুমতি দিয়াত সি প্রথমেই যিটো বাক্য ক’লে, সেয়া শুনি মই মুহূর্তৰ বাবে থৰ হৈ গ’লোঁ৷ সি ক’লে– ‘ছাৰ, মই গুলী খোৱা চিপাহী৷’ ক’ত গুলী লাগিছে সোধাত কনিষ্টবলজনে কার্যালয় কক্ষতে তাৰ গুলীয়ে থকা–সৰকা কৰা ঘুণীয়া দেহাটো দেখুৱালে৷ এইবাৰ তাক বহিবলৈ দি ঘটনাৰ সবিশেষ জানিবলৈ বিচাৰিলোঁ৷ ক’ত, কেতিয়া, কেনেকৈ গুলী খাবলগীয়া হ’ল? চিকিৎসাৰ নামত বিভাগৰ পৰা কিবা সাহায্য পাইছিলনে? কিয় গুৱাহাটীৰ পৰা অন্য ঠাইলৈ যাব বিচৰা নাই? ইটোৰ পিছত সিটোকৈ এনেধৰণৰ বিভিন্ন প্রশ্ণ কৰি গ’লোঁ৷ কনিষ্টবলজনেও এফালৰ পৰা উত্তৰ দি গ’ল৷ তাৰ বক্তব্যৰ সাৰাংশ আছিল এনে ধৰণৰ–
নাম হিমজ্যোতি দাস৷ চাকৰিত যোগদান কৰিছিল ১৯৯৮ চনৰ ১৬ ছেপ্ঢেম্বৰত৷ বৰপেটা জিলাৰ হাউলীত থকা চতুর্থ অসম আৰক্ষী টাস্ক ফ’চ বেটেলিয়নৰ সশস্ত্র শাখাৰ এজন কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰা হিমজ্যোতি দাসক বৰপেটা বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক কুমাৰ দীপক দাস ডাঙৰীয়াৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত কৰা হৈছিল৷ ২০০১ চনৰ ৩০ এপ্রিলৰ দিনা সন্মানীয় বিধায়কগৰাকীক গুৱাগাছাৰ এক ৰঙালী বিহুৰ কার্যসূচী ডদ্বোধন কৰিবলৈ আমন্ত্রণ জনোৱা হৈছিল৷ উদ্বোধনী অনুষ্ঠানৰ পিছত উভতি অহাৰ বাটত নিশা প্রায় ৮ বজাত আলফা উগ্রপন্থীৰ এটা দলে বিধায়কগৰাকীৰ কনভয়ক লক্ষ্য কৰি অতর্কিতে আক্রমণ চলাইছিল আৰু ইয়াৰ ফলত বিধায়কগৰাকীৰ লগতে তেওঁ আৰু আন দুজন অসামৰিক ব্যক্তি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল৷ তেওঁৰ শৰীৰত গ্রেনেড স্প্লিণ্টাৰৰ ডপৰি ১২টাকৈ বুলেটে আঘাত কৰিছিল৷ তাৰ পিছত তেওঁক জি এম চি এইচত, অর্থাৎ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ জি এম চি এইচত সুদীর্ঘ দুমাহ দিন ধৰি চিকিৎসা কৰাৰ অন্তত চিকিৎসকে তেওঁক ডন্নত চিকিৎসাৰ বাবে নতুন দিল্লীত থকা ‘এইম্ছ’লৈ প্রেৰণ কৰিছিল৷ দীঘলীয়া চিকিৎসাৰ অন্তত তেওঁ সুস্থ হৈ উঠিছিল যদিও চিকিৎসকে তেওঁক কম কষ্টৰ কাম কৰিবলৈ পৰামর্শ দিছিল৷ কিয়নো সোঁভৰিৰ প্রায় ৫০ শতাংশ আঘাতপ্রাপ্ত হোৱাৰ বাবে জোতা আৰু বেল্ট পিন্ধাটো তেওঁৰ বাবে কষ্টদায়ক হৈ পৰিছে৷ এতিয়া তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়মীয়াকৈ জি এম চি এইচলৈ গৈ থাকিব লাগে৷ যদি গুৱাহাটীৰ পৰা বেলেগ ঠাইলৈ যাবলগীয়া হয়, তেন্তে নিয়মীয়া স্বাস্থ্য পৰীক্ষাত বাধাৰ সৃষ্টি হ’ব৷ তদুপৰি জোতা আৰু বেল্ট পৰিধান কৰি কর্তব্য সম্পাদন কৰাটো তেওঁৰ বাবে যমৰ যাতনাসদৃশ৷ দুর্ঘটনাৰ পিছতে মোৰেই বিশেষ উদ্যোগত হেনো বিভাগৰ ফালৰ পৰা টকা এক লাখ পাইছিল৷ পিছে চিকিৎসাৰ নামত তাতকৈ বহুত বেছি খৰচ হৈছিল আৰু বর্তমানো হৈয়ে আছে৷ দৰমহাৰ টকাৰে নিমিলিলে ধাৰ ল’বলগীয়া হয়৷ পদোন্নতিৰ বাবে বিভাগীয় পৰীক্ষাত অৱতীর্ণ হ’বলৈও অনুমতি নাপায়৷ গতিকে পদোন্নতিও নহয়, দৰমহাও নাবাঢ়ে৷ এনেকৈয়ে জীৱনটো চলি আছে৷ কনিষ্টবল হিমজ্যোতি দাসৰ কথাখিনি শুনাৰ পিছত একধৰণৰ অপৰাধবোধে মনটো দহি গ’ল৷
দুই
২০১৩ চনৰ ১৯ এপ্রিলৰ নিশা প্রায় ২ বজাত বিশ্বস্ত সূত্রৰ পৰা এইবুলি এক গোপন বার্তা পোৱা গ’ল যে সন্দেহযুক্ত আলফা সদস্যৰ এটা দলে তিনিচুকীয়া জিলাৰ বাঘজান থানাৰ অন্তর্গত ১নং কর্দৈগুৰি গাঁৱত আশ্রয় লৈ আছে৷ এনে পৰিপ্রেক্ষিততে তিনিচুকীয়া আৰক্ষী আৰু তিনিচুকীয়াত থকা চি আৰ পি এফৰ ৬৮নং বেটেলিয়নে এক যুটীয়া অভিযান চলায়৷ অভিযানকাৰী দলটো সেই স্থান গৈ পোৱাৰ পিছত দেখিলে যে তাত ছয়, সাতটা ঘৰ অ’ত–ত’ত সিঁচৰতি হৈ আছে আৰু ঠাইটুকুৰা চাহ বাগিচাই আৱৰি আছে৷ সেইবাবে অভিযানকাৰী দলটো সৰু সৰু গোটত বিভক্ত হ’ল৷ ইয়াৰে আৰক্ষী পৰিদর্শক লোহিত সোণোৱালৰ নেতৃত্বত যোৱা দলটোৱে এটা ঘৰত কিছু অস্বাভাৱিক গতিবিধি লক্ষ্য কৰিলে আৰু সেয়ে ঠাইটুকুৰা ঘেৰি ধৰি পোহৰ হোৱালৈ বাট চালে৷ অভিযানকাৰী দলটো যেতিয়া ঘৰটোৰ ফালে লাহে লাহে আগবাঢ়ি গৈছিল, তেতিয়া দুটি সন্তানৰ সৈতে এগৰাকী মহিলা ঘৰটোৰ পৰা ওলাই আহিছিল আৰু আৰক্ষীৰ উপস্থিতি দেখি মহিলাগৰাকীয়ে মুহূর্ততে ঘৰটোত আশ্রয় লৈ থকা ডগ্রপন্থীৰ দলটোক সাৱধান কৰি দিছিল৷ তৎক্ষণাতে অস্ত্র–শস্ত্রৰে সু–সজ্জিত উগ্রপন্থীৰ দলটো বাহিৰলৈ ওলাই আহিছিল আৰু আৰক্ষীক লক্ষ্য কৰি জধে–মধে গুলীয়াবলৈ আৰম্ভ কৰিছিল৷ যদিও ইন্সপেক্টৰ লোহিত সোণোৱাল ডগ্রপন্থীৰ গুলীৰ সন্মুখত আছিল, তথাপি তেওঁ অকলেই কিবাকৈ গুলীৰ আগত পৰা সেই মহিলাগৰাকী আৰু তেওঁৰ সন্তান দুটিক ডদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ নিজৰ সুৰক্ষাৰ দিশটোলৈ পিঠি দি লোহিত সোণোৱালে এই মহিলাগৰাকী আৰু তেওঁৰ সন্তান দুটিক ডদ্ধাৰ কৰাৰ পিছত কাষতে থকা গছৰ আঁৰ হৈ গুলীৰে প্রত্যাক্রমণ আৰম্ভ কৰিছিল৷ উগ্রপন্থীৰ দলটোৱে নিৰৱচ্ছিন্নভাৱে লোহিত সোণোৱালক লক্ষ্য কৰি গুলীবর্ষণ কৰিছিল আৰু চাহ গছৰ জোপোহা তথা সাধাৰণ লোকৰ আঁৰ হৈ সেই ঠাইৰ পৰা পলাই যাবলৈ যত্ন কৰিছিল৷ গুলীয়াগুলীৰ মাজতে এজন দুর্ধর্ষ আলফা কেডাৰ গুলীৰ আঘাতত বাগৰি পৰে৷ এজন আলফা কেডাৰে পুনৰ সেই ঘৰটোত প্রৱেশ কৰে আৰু বাকীকেইজনে চাহ গছৰ জোপোহাৰ সুবিধা লৈ তাৰ পৰা পলায়ন কৰে৷ পুনৰ ঘৰটোত প্রৱেশ কৰা কেডাৰজনে লোহিত সোণোৱালক লক্ষ্য কৰি জধে–মধে গুলীচালনা কৰাৰ উপৰি গ্রেনেডো নিক্ষেপ কৰে৷ এনে অৱস্থাতো নিজ দায়িত্ব আৰু কর্তব্যৰ প্রতি শ্রদ্ধাশীল লোহিত সোণোৱালে ডগ্রপন্থীক লক্ষ্য কৰি অহৰহ গুলীচালনা কৰি আছিল যদিও এবাৰত ডগ্রপন্থীৰ বুলেটৰ আঘাতত লোহিত সোণোৱালে মৃত্যুক সাবটি ল’বলগীয়া হয়৷ জীৱনলৈ অহা ভাবুকিকো আওকাণ কৰি লোহিত সোণোৱালে নিজৰ দায়িত্ব পালন কৰাৰ উপৰি সাহসৰ পৰিচয় দি বিপদসংকুল পৰিৱেশৰ মাজতো এগৰাকী মহিলা আৰু মহিলাগৰাকীৰ দুটি সন্তানক ডদ্ধাৰ কৰিছিল আৰু দুজনকৈ ডগ্রপন্থীক সমুখসমৰত গুলীয়াই নিধন কৰিছিল৷ ঘটনাস্থলীৰ পৰা বুজনসংখ্যক মাৰণাস্ত্রও জব্দ কৰা হৈছিল৷ নিষ্ঠাৰে কর্তব্য সম্পাদন কৰাৰ লগতে লোহিত সোণোৱালে অসামৰিক লোকৰ প্রতি যি দায়বদ্ধতা প্রদর্শন কৰিলে আৰু নিজৰ জীৱন দি চৰম ত্যাগ কৰিলে, তাৰ স্বীকৃতি স্বৰূপেই দেশমাতৃৰ এইগৰাকী সুযোগ্য সন্তানক কীর্তি চক্র সন্মানেৰে বিভূষিত কৰা হৈছিল৷
আন এটি ঘটনা– বিশ্বাসযোগ্য গোপন সূত্রৰ পৰা ডগ্রপন্থী সংগঠন ইডনাইটেড পিপল্ছ লিবাৰেচন আম্, চমুকৈ ইড পি এল এৰ কিছুসংখ্যক কেডাৰৰ সন্দেহজনক আহ–যাহ, চাল–চলন সম্পর্কেতথ্য লাভ কৰাৰ পিছত ২০১৪ চনৰ ২৩ জুন তাৰিখে মাজনিশা প্রায় ১২.৩০ বজাত ডিফু সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত নিৰাপত্তাৰক্ষীৰ এটি বৃহৎ দলে ডিফু থানাৰ অধীনস্থ ধনশিৰি আৰক্ষী চকীৰ অন্তর্গত ৰামছিং হান্সে গাঁৱত এক অভিযান চলাইছিল৷ অভিযানৰ সময়ছোৱাত ডগ্রপন্থী লুকাই থকা নির্দিষ্ট ঘৰটো পোৱাৰ পিছত নিৰাপত্তাৰক্ষীৰ দলটোৱে প্রথমে ডগ্রপন্থীকেইজনক আত্মসমর্পণ কৰিবলৈ আহ্বান জনাইছিল৷ পিছে এই আহ্বানক আওকাণ কৰি অস্ত্র–শস্ত্রৰে সু–সজ্জিত ইড পি এল এৰ কেডাৰকেইজনে আত্মগোপন কৰি আশ্রয় লৈ থকা সেই ঘৰটোৰ পৰা ওলাই আহি নিৰাপত্তাৰক্ষীৰ দলটোক লক্ষ্য কৰি জধে–মধে গুলীয়াবলৈ আৰম্ভ কৰিছিল৷ তাৎক্ষণিকভাৱে নিৰাপত্তাৰক্ষীৰ দলটোত থকা কনিষ্টবল গৌতম কোচেও অদম্য সাহস আৰু বুদ্ধিমত্তাৰে উগ্রপন্থীৰ দলটোক লক্ষ্য কৰি প্রত্যাক্রমণ চলাইছিল আৰু অভিযানকাৰী দলটোৰ অন্যান্যসকলেও গুলীবর্ষণ কৰিছিল৷ ইয়াৰ ফলত এজন ডগ্রপন্থী সদস্য থিতাতে নিহত হৈছিল আৰু বাকীকেইজন পলাই সাৰিবলৈ সক্ষম হৈছিল৷ পিছত ঘটনাস্থলীৰ পৰা বুজন পৰিমাণৰ অস্ত্র–শস্ত্র জব্দ কৰা হৈছিল৷ ডগ্রপন্থীৰ সৈতে মুখামুখি সংঘর্ষৰ সময়তে কনিষ্টবল গৌতম কোচৰ মূৰত গুলী লাগিছিল আৰু পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছিল৷ যিহেতু ঘটনাটো সংঘটিত হৈছিল এখন গাঁৱত, সেইবাবে আক্রমণ–প্রত্যাক্রম ফলত যাতে কোনো সাধাৰণ লোক ক্ষতিগ্রস্ত হ’বলগীয়া নহয়, সেই দিশটোলৈ লক্ষ্য ৰাখি কনিষ্টবল গৌতম কোচে কৌশল কৰি ঘৰটোৰ যিমান পাৰি ওচৰলৈ যোৱাৰ চেষ্টা কৰিছিল৷ কিয়নো দূৰত্ব যিমানেই কম হয়, অন্য লোকৰ হানি–বিঘিনি হোৱাৰ সম্ভাৱনাও সিমানেই কমি যায়৷ অদমনীয় সাহসেৰে তথা নিষ্ঠা আৰু একাগ্রতাৰে নিজৰ কর্তব্য সম্পাদন কৰি দেশমাতৃৰ সেৱাত প্রাণ বিসর্জন দিয়া এইগৰাকী বীৰ জোৱানকো পৰৱত্ সময়ত কীর্তি চক্র সন্মানেৰে বিভূষিত কৰা হয়৷
তিনি
প্রতিবছৰে ২১ অক্টোবৰৰ দিনটো সমগ্র দেশতে ‘নেচনেল পুলিচ ক’মেম’ৰেচন ডে’, অর্থাৎ ‘ৰাষ্ট্রীয় আৰক্ষী শ্বহীদ স্মৃতি দিৱস’ হিচাপে পালন কৰা হয়৷ দেশৰ হকে যুঁজ দি নিজৰ প্রাণ বিসর্জন দিয়া আৰক্ষীৰ বীৰ শ্বহীদসকলক শ্রদ্ধাৰে স্মৰণ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক সন্মান জনোৱাৰ ডদ্দেশ্যে মূলতঃ এই দিৱসটো পালন কৰা হয়৷ ১৯৫৯ চনৰ ২১ অক্টোবৰ তাৰিখে লাডাখত চীনা সৈন্যই বিশগৰাকী ভাৰতীয় আৰক্ষী জোৱানক আক্রমণ কৰিছিল আৰু ইয়াৰে দহগৰাকী আৰক্ষী জোৱানৰ মৃত্যু হৈছিল৷ আন সাতগৰাকীক বন্দী কৰি লৈ গৈছিল যদিও এমাহ পিছত তেওঁলোকৰ মৃতদেহহে ঘূৰাই দিছিল৷ সেইবাবেই ২১ অক্টোবৰৰ দিনটো সমগ্র দেশতে ‘ৰাষ্ট্রীয় আৰক্ষী শ্বহীদ স্মৃতি দিৱস’ হিচাপে পালন কৰা হয়৷
আমাৰ অসমত এইবাৰ ‘ৰাষ্ট্রীয় আৰক্ষী শ্বহীদ স্মৃতি দিৱস’ উপলক্ষে দহদিনীয়া বিস্তৃত কার্যসূচী হাতত লোৱা হৈছে৷ জিলাই জিলাই আৰক্ষী শ্বহীদ পৰিয়ালৰ ঘৰলৈ গৈ তেওঁলোকৰ খবৰ লোৱা, তেওঁলোকক সন্মান জনোৱা, গুৱাহাটীত ‘প্রথম ৰবিকান্ত সিং স্মাৰক বত্তৃণতা’ অনুষ্ঠিত কৰা, কাহিলিপাৰাৰ চতুর্থ অসম আৰক্ষী বেটেলিয়নৰ খেলপথাৰত ৰাজ্যৰ সন্মানীয় মুখ্য সচিব ডাঙৰীয়াৰ ডপস্থিতিত মূল কার্যসূচী তথা পেৰেড অনুষ্ঠিত কৰা, জিলাসমূহৰ গাঁও, চহৰ আদিত বেণ্ড প্রদর্শনৰ ব্যৱস্থা কৰা আদি বিভিন্ন কার্যসূচীৰ ভিতৰত দুটা ডল্লেখযোগ্য কার্যসূচী হৈছে– সমগ্র অসমৰে ‘গুলী খোৱা চিপাহী’সকলক একত্রিত কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰা, তেওঁলোকৰ সুবিধা–সুবিধা, অভাৱ–ভিযোগৰ বুজ লোৱা আৰু কিছুসংখ্যক বিদ্যালয়ৰ নামকৰণ আৰক্ষী শ্বহীদৰ নামেৰে কৰা কার্যসূচী৷ কিছুদিন আগতে বদলি স্থগিতকৰণৰ অনুৰোধ লৈ মোৰ ওচৰলৈ অহা হিমজ্যোতি দাস নামৰ সেই ‘গুলী খোৱা চিপাহী’জনৰ কথাই মোৰ অন্তৰাত্মাক জোকাৰি গৈছিল৷ মই লগে লগে তেওঁৰ বদলি স্থগিতকৰণৰ নির্দেশ দিছিলোঁ, ৫০ হাজাৰ টকা তেওঁৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, আৰু কোনোদিন যাতে বেল্ট আৰু জোতা পৰিধান কৰাৰ বাবে তেওঁ কষ্ট পাবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰিবলৈ তেওঁক অসামৰিক পোছাকত ডিডটী কৰাৰ দিহা কৰি দিছিলোঁ৷ লগতে সমগ্র অসমতে সিঁচৰতি হৈ থকা হিমজ্যোতি দাসৰ দৰে ‘গুলী খোৱা চিপাহী’সকলৰ তথ্য সংগ্রহ কৰি মোলৈ প্রেৰণ কৰিবলৈ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিছিলোঁ৷ তেতিয়াই তেওঁলোকক লৈ কিবা এটা কৰাৰ পৰিকল্পনা কৰিছিলোঁ আৰু ‘ৰাষ্ট্রীয় আৰক্ষী শ্বহীদ স্মৃতি দিৱস’ত তেওঁলোকক সন্মান জনোৱাৰ কথা ভাবিছিলোঁ৷
এইবাৰৰ ‘ৰাষ্ট্রীয় আৰক্ষী শ্বহীদ স্মৃতি দিৱস’ৰ অন্যতম কার্যসূচী হিচাপে ‘কীর্তি চক্র’ সন্মান লাভ কৰা দুই বীৰ জোৱান, শ্বহীদ লোহিত সোণোৱাল আৰু গৌতম কোচৰ নামত দুখন বিদ্যালয় নামকৰণ কৰা হৈছে৷ ইয়াৰ ভিতৰত যোৱা ২১ অক্টোবৰৰ দিনা ‘কাহিলিপাৰা লক্ষ্মী প্রাথমিক বিদ্যালয়’ৰ নাম ‘শ্বহীদ লোহিত সোণোৱাল সোঁৱৰণী প্রাথমিক বিদ্যালয়’ হিচাপে মাননীয় মুখ্য সচিব জিষু বৰুৱাদেৱ আৰু মই আনুষ্ঠানিকভাৱে ঘোষণা কৰোঁ৷ সেইদৰেই ‘১নং বালিজান বীৰ শ্বহীদ কীর্তি চক্র গৌতম কোচ স্মৃতি বিদ্যালয়’ৰ এই নতুন নামটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ এয়া আৰম্ভণিহে, আমাৰ এই প্রচেষ্টা অব্যাহত থাকিব৷ ইয়াৰে লোহিত সোণোৱালক মই ওচৰৰ পৰা পাইছিলোঁ আৰু তেওঁৰ সৈতে মোৰ এক মধুৰ সম্পর্ক আছিল৷ ২০১৩ চনৰ ১৯ এপ্রিলৰ নিশা উগ্রপন্থীৰ বিৰুদ্ধে অভিযানত যোৱাৰ আগমুহূর্ততো লোহিতে মোলৈ ফোন কৰিছিল৷ তেতিয়া মই আৰক্ষী মহাপৰিদর্শক (প্রশিক্ষণ) হিচাপে কর্মৰত হৈ আছিলোঁ৷ তাৰ সেই মাতটো আজিও মোৰ কাণত বাজি থাকে৷