নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিৰৰ মাজতো অসমীয়াৰ স্বাভিমান গামোচাৰ প্রতি সচেতন মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা,  ২৬ অক্টোবৰঃ চৈকটা চাহ বাগিচাৰ খেলপথাৰত মানুহৰ ভিৰৰ মাজতো অসমীয়াৰ স্বাভিমানৰ প্রতি ফুলাম গামোচাক লৈ যথেষ্ট সচেষ্ট দেখা গ’ল মুখ্যমন্ত্রী ড০ শর্মাক৷ সকলোকে সাক্ষাৎ কৰি বিদায় লৈ ৰাইজৰ ভিৰ ফালি নিৰাপত্তা বেষ্টনীৰ মাজত মুখ্যমন্ত্রী ড০ শর্মা গাড়ীলৈ বুলি খোজকাঢ়ি আহি থাকোঁতে হঠাৎ ৰৈ যায়৷ ঘটনা কি কোনেও তর্কিব পৰাৰ আগতেই মুখ্যমন্ত্রীয়ে তললৈ আঙুলিয়ায়৷

সন্মুখত এখন ফুলাম গামোচা মাটিত পৰি থকা দেখা পাই মুখ্যমন্ত্রীয়ে ‘এই গামোচা, গামোচা’ বুলি চিঞৰি সেইখন বুটলিবলৈ নিৰাপত্তাৰক্ষীক নির্দেশ দিয়ে আৰু নিৰাপত্তাৰক্ষীয়ে লগে লগে গামোচাখন বুটলি লয়৷ ঘটনাটো প্রত্যক্ষ কৰা সকলোৱে মুখ্যমন্ত্রীৰ এই সচেতনতাত বিমুগ্ধ হৈ পৰে৷

ইয়াৰ পূর্বেও চৈকটা চাহ বাগিচাত শ্রমিকসকলৰ সৈতে বার্তালাপ কৰাৰ সময়ত মুখ্যমন্ত্রীক বহিবলৈ গাদী পাৰি দিয়া হৈছিল৷ কিছু সময় তাত বহাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মা বননিলৈ আগবাঢ়ি যায় আৰু বননিতে বহি লয়৷ সেইদৰে শ্রমিকসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মা ৰান্ধনি ঘৰলৈ গৈ ৰান্ধনী আৰু বিলনীয়াৰসকলক সকলোৰে বাবে ভাত হ’ব নে নাই, সেই বিষয়ে সোধাৰ লগতে সকলোকে ভাত খুৱাই পঠিয়াবলৈ পৰামর্শ দিয়ে৷ আনহাতে বৰ নগঞা ৰাজহুৱা প্রেক্ষাগৃহৰ সভালৈ আহি থকাৰ বাটত মুখ্যমন্ত্রী ড০ শর্মাই আশাকর্মীসকলৰ সৈতে হাঁহি হাঁহি ছেলফি উঠে৷ অনুৰূপ ধৰণে পিঠাখোৱাত ৰাইজ ৰ’দত বহি আমনি পোৱা দেখি মুখ্যমন্ত্রী ড০ শর্মাই তেওঁলোকক মঞ্চৰ কাষলৈ মাতি আনে৷ কিন্তু নিৰাপত্তাৰ দায়িত্বত থকা চি আৰ পি এফ আৰু কমাণ্ডোৱে বাধা প্রদান কৰাত মঞ্চৰ পৰাই মুখ্যমন্ত্রী ড০ শর্মাই চিঞৰি চিঞৰি কয়– ‘ঐ চি আৰ পি, সবকো আনে দো৷’ মৰিয়নি নগৰ আৰু জংঘল ব্লকতো মহিলা আৰু যুৱতীসকলে মুখ্যমন্ত্রীৰ সৈতে ছেলফি উঠিবলৈ হেতা–ওপৰা লগায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কাকো বিমুখ নকৰি সকলোৰে সৈতে ছেলফি উঠে৷

You might also like