নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত জুৱাবিৰোধী অভিযান আৰক্ষীৰ, ১০ জুৱাৰী গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল : বৰপেটা জিলাত জুৱাৰ প্ৰচলন বৃদ্ধি পোৱাৰ মাজতে আৰক্ষীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান। জিলাখন জুৱাৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে প্ৰায় প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে জুৱাৰী।

এই ধাৰাবাহিক অভিযানৰ অংশ হিচাপে পুনৰ ১০জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে বৰপেটা-হাউলী পথৰ যোগীৰ পামত অৱস্থিত “মাৰিয়া গেষ্ট হাউছ”ত অভিযান চলায়। তাত জুৱা খেলি থকা অৱস্থাতে জুৱাৰীসকলক হাতে-লোটে আটক কৰা হয়।

গ্ৰেপ্তাৰ হোৱা জুৱাৰীসকল হ’ল— আমজাদ আলী, চানিদুল ইছলাম, জুৰান আলী, হায়দৰ আলী, জুলহাস উদ্দিন, মফিদুল ইছলাম, ৰছিদুল ইছলাম, ৰবিয়াল সৰকাৰ, আয়নাল হক আৰু নুৰুল হুছেইন। ধৃতসকল বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এই সন্দৰ্ভত ১২৮/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্তসকলক আদালতত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে।

You might also like