নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL-ত আজি সমুখসমৰত গুজৰাট বনাম মুম্বাই

আইপিএল ২০২৬ৰ ৩০সংখ্যক লীগ খেলখন আজি সোমবাৰে (২০ এপ্ৰিল) গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব। আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই খেলখনত দুয়ো দলেই গুৰুত্বপূৰ্ণ জয়ৰ লক্ষ্য লৈ নামিব।

হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে চলিত ছিজনৰ দ্বিতীয় জয় লাভ কৰাৰ লক্ষ্য লৈ নামিব। আনহাতে শুভমন গিলে অধিনায়কত্ব কৰা গুজৰাট টাইটানছে নিজৰ চতুৰ্থ জয় নিশ্চিত কৰিবলৈ চেষ্টা কৰিব।

গুজৰাট আৰু মুম্বাইৰ মাজত এতিয়ালৈকে মুঠ ৮খন খেল অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত গুজৰাট টাইটানছে ৫খন খেলত জয় লাভ কৰিছে, আনহাতে মুম্বাই ইণ্ডিয়ানছে ৩খন খেলত জয়লাভ কৰিছে। এই পৰিসংখ্যাৰ ভিত্তিত গুজৰাট দলটো কিছু আগবঢ়া অৱস্থানত থকা দেখা যায়।

২০২৫ চনৰ আইপিএল ছিজনত দুয়ো দলৰ মাজত মুঠ ৩খন খেল হৈছিল। তাত গুজৰাটে ২খন আৰু মুম্বায়ে ১খন খেলত জয়লাভ কৰিছিল।

মুখামুখি পৰিসংখ্যা, যোৱা ছিজনৰ ফলাফল আৰু চলিত ছিজনৰ প্ৰদৰ্শন বিবেচনা কৰিলে গুজৰাটক ফেভাৰিট দেখা গৈছে। বিশেষজ্ঞৰ অনুমান অনুসৰি আজিৰ খেলখনত গুজৰাটৰ জয়ৰ সম্ভাৱনা অধিক বুলি কোৱা হৈছে। অৱশ্যে খেলপথাৰত দুয়ো দলৰ প্ৰদৰ্শনৰ ওপৰতেই চূড়ান্ত ফলাফল নিৰ্ভৰ কৰিব।

আজিৰ এই খেলখন দুয়ো দলৰ বাবে অতি গুৰুত্বপূৰ্ণ। একপক্ষে গুজৰাটে জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ বিচাৰে, আনহাতে মুম্বায়ে পৰাজয়ৰ ধাৰা ভাঙি পুনৰ শক্তিশালীভাৱে উভতি অহাৰ লক্ষ্য লৈ খেলপথাৰত নামিব।

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল

You might also like