দীৰ্ঘদিনৰ পৰা শিৱসাগৰ নগৰত একাংশ মাচাজ পাৰ্লাৰত অবৈধ কাৰ্যকলাপ চলি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আৰক্ষীয়ে মাচাজ পাৰ্লাৰৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায়৷
দুখনকৈ মাচাজ পাৰ্লাৰত আৰক্ষীয়ে চলোৱা অভিযানত পাৰ্লাৰৰ স্বত্বাধিকাৰ, কৰ্মৰত যুৱতী, গ্ৰাহক সহিতে আঠজনক অসামাজিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগত আটক কৰে৷ নগৰৰ মাজমজিয়াৰ কে পি চাৰিআলিৰ ‘অ’ টু’ আৰু বি জি ৰোডৰ ‘এম ওৱান’ নামৰ ইউনিচেক্স পাৰ্লাৰ দুখনত অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলামৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলায়৷
তিনিগৰাকী যুৱতী, তিনিজন গ্ৰাহক লগতে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসহ আটক কৰাসকলৰ ভিতৰত অ’ এন জি চিৰ এজন উচ্ছপদস্থ ছিকিউৰিটী বিষয়া আৰু এগৰাকী অৰুণাচলৰ যুৱতীও আছে বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে বৰ্তমান আটকাধীনসকলক সোধ-পোছ অব্যাহত ৰাখিছে৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলামে এই সম্পৰ্কত সংবাদ মাধ্যমৰ সন্মুখত কয় যে, কিছুদিনৰ পৰা শিৱসাগৰৰ পাৰ্লাৰত অবৈধ কাৰ্যকলাপ চলি থকাৰ সম্পৰ্কত বিভিন্ন সূত্ৰৰ পৰা খবৰ আহি আছিল৷ নগৰত যাতে সামাজিক পৰিৱেশ বিঘ্নিত কৰিব পৰা এক পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবেই এই অভিযান চলোৱা হৈছে৷
সাধাৰণ পোচাকত পাৰ্লাৰসমূহলৈ আৰক্ষীৰ লোক প্ৰেৰণ কৰি তেওঁলোকক আটক কৰা হৈছে৷ আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, ইউনিচেক্স পাৰ্লাৰত সুকীয়াকৈ কোঠা থকাটো সন্দেহজনক কথা৷
আনহাতে তেওঁলোকৰ প্ৰতিষ্ঠানৰ তথ্য-পাতিৰ ক্ষেত্ৰতো কিছু বিসংগতি আছে বুলি জানিবলৈ দি তদন্ত অব্যাহত থকাৰ কথা অৱগত কৰে৷ সোধ-পোছ চলি থকাৰ লগতে পৰ্যাপ্ত তথ্য লাভ কৰিলে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিব বুলিও স্পষ্ট কৰি দিয়ে বিষয়াগৰাকীয়ে৷
নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২২ এপ্ৰিল