নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত মাতৃক বচাবলৈ গৈ অধিবক্তা পুত্ৰৰ সলিল সমাধি

শুৱালকুছিৰ ব্ৰহ্মপুত্ৰত আজি এক মৰ্মান্তিক ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে৷ নিজ মাতৃৰ প্ৰাণ বচাবলৈ গৈ অধিবক্তা পুত্ৰৰ সলিল সমাধি ঘটিবলগীয়া ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পূৱ শুৱালকুছিৰ ন-কেওটপাৰা অঞ্চলৰ ৰেণু মালাকৰ (৫৬) নামৰ এগৰাকী মানসিকভাৱে অসুস্থ মহিলাই আজি দিনৰ প্ৰায় ১০ বজাত ব্ৰহ্মপুত্ৰৰ গভীৰ পানীৰ ফালে নামি যোৱা দৃশ্য প্ৰত্যক্ষ কৰি পুত্ৰ হিমাংশু মালাকৰে ততাতৈয়াকৈ মাতৃক উদ্ধাৰৰ বাবে পানী নামি গৈ দ’পানীৰ পৰা মাকক কেনেবাকৈ উদ্ধাৰ কৰি পাৰত উঠায়।

পিছত পুত্ৰ হিমাশুং দ পানীৰ ফালে পৰি নিমিষতে নাইকিয়া হৈ পৰে ৷ লগে লগে হুৱাদুৱা লাগে আৰু যুৱকজনক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাই ব্যৰ্থ হয় স্থানীয় লোকে৷

বৰ্তমান এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযানত নামি পৰিছে ৷ যুৱকজন পেছাত এগৰাকী অধিবক্তা আছিল ৷ এই ঘটনাই শুৱালকুছিত গভীৰ শোকৰ ছা পেলাইছে ৷

বিশেষ বাৰ্তা, শুৱালকুছি, ২২ এপ্ৰিল

You might also like