নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাস্কৰজ্যোতি মহন্তক অধ্যক্ষৰ দায়িত্ব অর্পণ

পুনৰ গঠন আৰক্ষী নিযুক্তি ব’ৰ্ড

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   ৰাজ্য কঁপোৱা অসম আৰক্ষী উপ–পৰিদর্শক পদৰ পৰীক্ষা কেলেংকাৰিক লৈ সৃষ্টি হৈ থকা বিতর্কৰ মাজতেই আজি নতুনকৈ গঠন হ’ল ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড৷ ব’ৰ্ড পূর্বৰ অধ্যক্ষ প্রদীপ কুমাৰৰ পদত্যাগৰ পাছত সোমবাৰে  গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তক ব’ডৰ অধ্যক্ষৰ দায়িত্ব অর্পণ কৰে৷ আনহাতে, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হৰমিৎ সিঙক সদস্য সচিব, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান এল আৰ বিষ্ণই আৰু আৰক্ষী মহাপৰিদর্শক হীৰেন নাথক এই ব’ৰ্ডৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে৷ আনহাতে, ২০ নৱেম্বৰৰ ভিতৰত উপ–পৰিদর্শকৰ নিযুক্তিৰ পৰীক্ষা সম্পূর্ণ কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে  স্পষ্ট নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে সম্পূর্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে এই পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি নহয়, সেয়া নিশ্চিত কৰিবলৈ নির্দেশ দিছে৷ ইফালে,  ধুবুৰীলৈ যোৱা মুখ্যমন্ত্রীয়ে নিযুক্তি কেলেংকাৰি সন্দর্ভত পুনৰবাৰ চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয় যে আৰক্ষীৰ পৰীক্ষা কেলেংকাৰিত জড়িত কোনো এজনকে ৰেহাই দিয়া নহ’ব৷ তেওঁ কয়– আগৰ কোনো চৰকাৰে আমাৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগে লগে তদন্তৰ ঘোষণা কৰাৰ সাহস গোটাব পৰা নাছিল৷ দুর্নীতিক কেতিয়াও সহ্য কৰা নহ’ব৷ যিসকলে এই কাম কৰিলে, সকলোকে কঠোৰ শাস্তি দিয়া হ’ব৷ মেধাৰ ভিত্তিত নিযুক্তি পাব অসমৰ শিক্ষিত নিবনুৱাই৷ নতুনকৈ অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাৰ বাবে ৰাইজক সহযোগিতা কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷

You might also like