নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত একেদিনাই সম্পন্ন ১,২০,২২৮ ব্যক্তিৰ ক’ভিড টেষ্ট

স্বাস্থ্য বিভাগৰ বলিষ্ঠ পদক্ষেপ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   চলিত মাহৰ অন্তিম তিনি দিনত ৩ লাখ লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপৰ অংশ ৰূপে সোমবাৰে সম্পন্ন কৰা হয় ১,২০,২২৮গৰাকী লোকৰ ক’ভিড পৰীক্ষা৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই কথা প্রকাশ কৰিছে৷ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যত ক’ৰোনা সংক্রমণ অব্যাহত থকাক লৈ যথেষ্ট চিন্তিত হোৱা স্বাস্থ্য বিভাগে ক’ৰোনা পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ সেইমর্মে ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত প্রতিদিনাই এক লাখকৈ লোকৰ ক’ভিড পৰীক্ষা কৰাৰ কথা ঘোষণা কৰিছিল স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ সেই অনুসৰি সোমবাৰে এক লাখ লোকক পৰীক্ষা কৰাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে আৰম্ভ কৰে অভিযান৷

সোমবাৰে পুৱাৰে পৰা উজনি–নামনি, উত্তৰপাৰ–বৰাকৰ বিভিন্ন স্থানত ছোৱাব সংগ্রহ কেন্দ্রত ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ হয়৷ আনহাতে, এই ক’ভিড পৰীক্ষাত ৰাইজৰ সহযোগিতা আছিল অভূতপূর্ব৷ মন কৰিবলগীয়া যে ৰাজ্যত ইতিমধ্যে ৩১ লাখ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে৷ আনহাতে, অহা দুদিনত পুনৰ দুই লাখ লোকক ক’ভিড পৰীক্ষা কৰা হ’ব বুলিও  স্বাস্থ্য বিভাগে জানিবলৈ দিছে৷

ইফালে যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্রান্ত হৈ ১২গৰাকী লোকৰ মৃত্যু হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটযোগে এই তথ্য সদৰী কৰিছে৷ মৃত্যু হোৱা লোকসকল হ’ল– শিৱসাগৰৰ আমিৰুল হুছেইন (৬৫), ডম্বৰু দেউৰী (৬৯), গোলাঘাটৰ ৰূপাল দত্ত (৪২), শম্ভু দেৱ (৫৯), তিনিচুকীয়াৰ যোগেন গগৈ (৬৬), মহম্মদ আব্দল ফাৰুক (৮৪), ডিব্রুগড়ৰ ঘনকান্ত গগৈ (৬৫), চৰাইদেউৰ লোহিত চাংমাই (৮০), বৰপেটাৰ ৰত্নেশ্বৰ কলিতা (৬৫), শোণিতপুৰৰ লক্ষীকান্ত শর্মা (৫৬), কামৰূপ (ম)ৰ গোপাল চন্দ্র কলিতা (৫৫) আৰু কামৰূপৰ ৰমা কান্ত (৮০)৷ ৰাজ্যত এতিয়ালৈ ক’ৰোনা আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬৭লৈ বৃদ্ধি পালে৷ আনহাতে,

সোমবাৰে ১ লক্ষাধিক লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰাৰ পাছত পজিটিভ হিচাপে চিনাক্ত হৈছে ৩,৬৪৪গৰাকী লোক৷ আক্রান্তৰ হাৰ ৩.০৩ শতাংশ৷ ইয়াৰে ৫৬৩গৰাকী কামৰূপ (মহানগৰ) জিলাৰ, ২৮৪গৰাকী গোলাঘাট জিলাৰ, ২৩৭গৰাকী যোৰহাট জিলাৰ আৰু ১৯৭গৰাকী শোণিতপুৰ জিলাৰ৷ আক্রান্ত হোৱা এই লোকসকলৰ সৈতে ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ১,৭৩,৬২৯গৰাকীলৈ বৃদ্ধি হয়৷ ইফালে সোমবাৰে ৰাজ্যত ২,৩২০ লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ ইয়াকে লৈ মুঠ সুস্থ হৈ ঘৰলৈ ওভতা লোকৰ সংখ্যা হ’ল ১,৪২,২৯৭জন

You might also like