নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমুদ গোস্বামীয়ে প্রার্থীৰ পৰা লৈছিল ডেৰ কোটি টকা

টিহুত আত্মসমর্পণ নিযুক্তি কেলেংকাৰিৰ দালালৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি পৰীক্ষা কেলেংকাৰিক লৈ নলবাৰীত ব্যাপক প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে অৱশেষত এই কেলেংকাৰিৰ অন্যতম খলনায়ক কুমুদ গোস্বামী আৰক্ষীৰ জালত পৰিছে৷ সোমবাৰে বিয়লি নলবাৰীৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ টিহুৰ সমীপত নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ তৎপৰতাত খলনায়কজনে আত্মসমর্পণ কৰিবলৈ বাধ্য হয়৷ পাছত নলবাৰী আৰক্ষীৰ পৰা খলনায়কজনক চি আই ডিয়ে নিজ জিম্মাত লয়৷ আনহাতে, আত্মসমর্পণ কৰা খলনায়কজনে ডেৰ কোটিৰো অধিক টকা কুলদীপ ৰাজবংশীৰ স’তে লেনদেন হোৱাৰ তথ্য প্রকাশ পাইছে৷ ইপিনে, শেহতীয়াকৈ নলবাৰী আৰক্ষীয়ে হৰকত আলীৰ পৰাও জব্দ কৰিছে লেপটপ, বহু প্রশ্ণকাকতৰ লগতে আন গুৰুত্বপূর্ণ নথিপত্র৷ আনহাতে, এই বৃহৎ কেলেংকাৰিত শাসকীয় দলৰ নেতা–পালিনেতা জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই আৰক্ষীৰ তদন্ত প্রক্রিয়া আন দিশলৈ যোৱাৰ সন্দেহ ঘনীভূত হৈছে৷ উক্ত কেলেংকাৰিৰ মূল অপৰাধীৰ নাম আৰক্ষীৰ হাতত থকাৰ পাছতো কৰায়ত্ত কৰা দূৰৰে কথা, অপৰাধীৰ ঘৰত তালাচী অভিযান চলাবলৈ সাহস কৰা নাই আৰক্ষীয়ে৷ উল্লেখ্য যে এই কেলেংকাৰিৰ সৈতে জড়িত কুলদীপ ৰাজবংশীক নলবাৰী আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছত ধৃত কুলদীপৰ ভাষ্যৰ ভিত্তিতে চাৰি পৰীক্ষার্থীক দেওবাৰে নলবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছে যদিও আজিও থেংক ইউ লজৰ কর্মচাৰী হৰকত আলীক সোধা–পোছাৰ বাবে নলবাৰী থানাতে ৰাখিছে৷

অতি গুৰুত্বপূর্ণ কথা যে কেলেংকাৰিৰ অন্যতম খলনায়ক বিজেপি নেতা দিবন ডেকা, গ্রামসেৱক কুমুদ গোস্বামীৰ ঘৰো নলবাৰী জিলাত৷ ইপিনে এই কেলেংকাৰিত ধর্মপুৰ সমষ্টিৰ শাসকীয় দলটোৰ বহু নেতা–পালিনেতা জডিত থকা বুলি চর্চা আৰম্ভ হৈছে৷ উল্লেখ্য যে পূর্বৰ অগপ চৰকাৰৰ আমোলৰ বহুচর্চিত ৰাজ্য কঁপোৱা অ’ বি বি শিক্ষক নিযুক্তি কেলেংকাৰিৰ অভিকেন্দ্র হৈ পৰিছিল ধর্মপুৰ সমষ্টি৷ তদানীন্তন অগপ চৰকাৰৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ একাংশ ঘনিষ্ঠ নেতা–পালিনেতাই দালালৰ ৰূপত অৱতীর্ণ হৈ জধে–মধে দিছিল অ’ বি বি শিক্ষক নিযুক্তি৷ এই কথা ধর্মপুৰ তথা ৰাজ্যবাসীয়ে আজিও পাহৰা নাই৷ তদানীন্তন মন্ত্রীগৰাকী বর্তমানৰ বিজেপি মিত্রজোঁট চৰকাৰৰ মন্ত্রী৷ অগপৰ আমোলৰ সেই নেতা–পালিনতা, দালালেই আজিও গাৰ ছাঁৰ দৰে আছে মন্ত্রীগৰাকীৰ স’তে৷ ইপিনে আটকাধীন পৰীক্ষার্থীৰ স্বীকাৰোক্তিৰ ভিত্তিত দালাল নিতুল বর্মন নামৰ যুৱকজন কালিৰে পৰা চর্চালৈ আহিছে যদিও বেলশৰ আৰক্ষীয়ে যোৱা চাৰি দিনৰে পৰা নিতুলক বিচাৰি গোপনে অভিযান চলাইছে৷ বেলশৰ থানাৰ আৰক্ষীয়ে নিতুলৰ বিহামপুৰৰ ঘৰত কেইবাবাৰো অভিযান চলাইছে৷ এই কথা বেলশৰ আৰক্ষীয়ে  জানিবলৈ দিছে৷ আৰক্ষী উপ–পৰিদর্শকৰ নিযুক্তি কেলেংকাৰি পোহৰলৈ অহাৰ পাছৰে পৰা নিতুল পলাতক হৈ আছে৷ তাৎপর্যপূর্ণ দিশটো হৈছে নিতুল বর্মন হৈছে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ঘনিষ্ঠ ৰূপে পৰিচিত সর্বেশ্বৰ বর্মনৰ ভতিজা৷ এবছৰ পূর্বে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত নিতুলৰ লগতে তেওঁৰ ভাতৃ মৃদুল বর্মনৰ তথ্য আৰু জনসংযোগ বিভাগত চাকৰি হৈছিল৷শেহতীয়াকৈ অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ নিযুক্তি কেলেংকাৰিত ধর্মপুৰৰ বিজেপি নেতা সর্বেশ্বৰ বর্মনৰ ভতিজা নিতুল বর্মনৰ নাম চর্চালৈ আহিছে৷ এইজন বিজেপিৰ দালাল নিতুল বর্মনে নলবাৰী আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈ ইতিমধ্যে ৰঙাঘৰৰ আলহী হোৱা চাৰিজন পৰীক্ষার্থী বেলশৰৰ সঞ্জীৱ বর্মন, মাখিবাহাৰ মৃদুল বর্মন, পার্থপ্রতিম পাঠক আৰু ধ্রুৱজ্যোতি বৰুৱাক পৰীক্ষাৰ আগদিনা গুৱাহাটীৰ থেংক ইউ লজলৈ মাতি নিয়া বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়াৰ পাছত এতিয়া নিতুল সন্দর্ভত তথ্য পোহৰলৈ অহা বিষয়টোৱে আন দিশলৈ গতি কৰাৰ সন্দেহ ঘনীভূত হৈছে৷ আনহাতে, মন্ত্রী পাটোৱাৰীৰ গৃহ মৌজা নতুন দেহৰৰ শোলমাৰীৰ কুলদীপ ৰাজবংশীও মন্ত্রীগৰাকীৰ ঘনিষ্ঠ বিজেপি কর্মী৷
এছ আই পদৰ চাকৰিৰ বাবে উৎকোচ দিয়া সুৰজ বৰুৱাক গ্রেপ্তাৰ
এছ আই পৰীক্ষাৰ কেলেংকাৰিৰ গোচৰ সংক্রান্তত চি আই ডিৰ অভিযান অব্যাহত আছে৷ চি আই ডিৰ এটা তদন্তকাৰী দলে এছ আই পদত উৎকোচ দিয়াৰ অভিযোগত সোমবাৰে পুনৰ এজন অভিযুক্তক গ্রেপ্তাৰ কৰে৷ ধৃত অভিযুক্তজন হৈছে মহানগৰীৰ নুনমাটিৰ জ্যোতিনগৰৰ সুৰজ বৰুৱা৷ চি আই ডিৰ এক সূত্রই জনোৱা মতে, দালাল চক্রৰ অন্যতম সদস্য জয়দীপ বৰুৱাই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত সুৰজ বৰুৱাক গ্রেপ্তাৰ কৰে৷ ইফালে মহানগৰীৰ পাথৰ কোৱেৰীতো এজন চাকৰি প্রার্থীৰ সন্ধানত চি আই ডিয়ে অভিযান চলায়৷ এছ আই পৰীক্ষাৰ বাবদ উৎকোচ আদায় দিয়াৰ তথ্য লাভ কৰাৰ পাছতে পাথৰ কোৱেৰীৰ অভিজিৎ বড়ো নামৰ চাকৰিপ্রত্যাশী যুৱকজনৰ সন্ধানত চি আই ডিৰ এটা দলে অভিযান চলায়৷ চি আই ডিৰ আগমনৰ উমান পাই অভিজিৎ বড়োৱে আত্মগোপন কৰাৰ বুলি জানিব পৰা গৈছে৷

You might also like