নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক দল গঠনক লৈ মহানগৰীৰ হোটেলত আছুৰ বৈঠক

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ  নতুন ৰাজনৈতিক দল গঠনক লৈ সদৌ অসম ছাত্র সন্থাই আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ৷ এটা আঞ্চলিক দলৰ পৰিকল্পনা প্রস্তুত কৰিবলৈ শুকুৰবাৰে মহানগৰীৰ পাণবজাৰস্থিত এখন হোটেলত আছু নেতৃত্বৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়, য’ত সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে৷ বৈঠকত আছুৰ কেইবাজনো পৰামর্শদাতায়ো অংশগ্রহণ কৰে৷ জানিব পৰা মতে, নতুন এটা আঞ্চলিক দল গঠনৰ প্রেক্ষাপট প্রস্তুত কৰাৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক লৈ এখন আহ্বায়ক সমিতি গঠন কৰা হ’ব৷ এই সমিতিখনে আন আন দল–সংগঠনসমূহ লগত আলোচনামর্মে এটা পৰিকাঠামো প্রস্তুত কৰিব৷ সেইমর্মে ৰূপৰেখা চূড়ান্ত কৰাৰ পাছত এখন জাতীয় অভিৱর্তনত ৰাজনৈতিক দলটোক পূর্ণাংগ ৰূপ দিয়া হ’ব৷ সেয়া এতিয়াও চূড়ান্ত হোৱা নাই৷ লক্ষণীয় কথাটো হ’ল, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য এতিয়াও ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তৰ লগত একমত হোৱা নাই৷ আজি আছুৰ সভাপতি–সম্পাদকে আয়োজন কৰা বিশেষ বৈঠকখনৰ বিষয়ে বহু জ্যেষ্ঠ নেতাক অৱগতই কৰা নহ’ল৷ এনে পৰিস্থিতিত ৰাজনৈতিক দল গঠনক লৈ আছুৰ ভিতৰতে মতবিৰোধ হোৱাটো লাহে লাহে স্পষ্ট হৈ পৰিছে।

You might also like