নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ত ভাৰতত ২০২২ত অষ্ট্রেলিয়াত টি–২০ বিশ্বকাপ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ ভাৰতে ২০২১ত আইচিচি টি–২০ বিশ্বকাপ আয়োজন কৰিব৷ চলিত বর্ষৰ টি–২০ বিশ্বকাপ স্থগিত হোৱাত পূর্বনির্ধাৰিত সূচীত কিছু খেলিমেলি হোৱাত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ২০২১ৰ টি–২০ বিশ্বকাপক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল৷ কিন্তু আইচিচি ব’ৰ্ডৰ বৈঠকে শুকুৰবাৰে ভাৰততে২০২১ৰ টি–২০ বিশ্বকাপ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷ ইয়াৰ বিপৰীতে চলিত বর্ষত স্থগিত হোৱা টি–২০ বিশ্বকাপ ২০২২ত অষ্ট্রেলিয়াই আয়োজনৰ সুযোগ লাভ কৰিব৷ একেদৰে, ৫০ অভাৰৰ বিশ্বকাপ ২০২৩ৰ অক্টোবৰ–নৱেম্বৰত ভাৰতত অনুষ্ঠিত হ’ব বুলিও আইচিচিয়ে ঘোষণা কৰে৷ ইফালে, অহা বর্ষৰ ফেব্রুৱাৰী–মার্চত নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২২লৈ স্থগিত ৰখা হৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে আইচিচিয়ে এই সিদ্ধান্ত লৈছে৷

You might also like