নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিৰ অৰ্থ সংঘাত নহয়, সমন্বয়হে : সৰ্বানন্দ সোণোৱাল

🔹 ধুবুৰীৰ এনডিএ সমৰ্থিত অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ সোণোৱালৰ

🔹 কংগ্ৰেছ-এআইইউডিএফে সংখ্যালঘু সম্প্ৰদায়ক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে

বিশেষ বাৰ্তা, ৪ মে’ : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা এনডিএ সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ গৌৰীপুৰ আৰু সাপটগ্ৰামত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। সহস্ৰাধিক লোকৰ সমাগমেৰে উজ্জীৱিত সভাত ভাষণ দি সোণোৱালে ধুবুৰীৰ উন্নয়ন অনাগত দিনবোৰতো সবল ৰূপত অব্যাহত ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএক ভোট দিবলৈ জনসাধাৰণক আহ্বান জনাই কয় যে এনডিএৰ প্ৰাৰ্থী জাবেদ ইছলামৰ বিজয়ে সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাক এক নতুন গতি দিব। ঐতিহাসিক গৌৰীপুৰৰ জনসভাত ভাষণ প্ৰদান কৰি বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কয়- “প্ৰমথেশ বৰুৱা, শীলভদ্ৰ, প্ৰতিমা বৰুৱা পাণ্ডে আদিৰ দৰে বহু স্বনামধন্য ব্যক্তিৰ স্মৃতি জড়িত গৌৰীপুৰলৈ আহিলে প্ৰতিবাৰেই মই অনুপ্ৰাণিত হওঁ। এই প্ৰখ্যাত গৌৰীপুৰ অঞ্চলত আজি এনডিএ সমৰ্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী জাবেদ ইছলামৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই ভাষা-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ অকুণ্ঠ সঁহাৰি প্ৰত্যক্ষ কৰি অভিভূত হ’লোঁ । এখন শক্তিশালী এনডিএ চৰকাৰ গঠনৰ বাবে গৌৰীপুৰৰ ৰাইজে আজি ঐক্যবদ্ধভাৱে পণ লৈছে ।” সোণোৱালে আজি কয়- “ধুবুৰীৰ সমৃদ্ধ সম্পদ-সম্ভাৱনা পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ উদাসীনতাৰ বাবে অব্যৱহৃত হৈ ৰৈছিল। ছয় দশকৰো অধিক সময় ধৰি সংসদীয় সমষ্টিটোৰ মানুহে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ধুবুৰীৰ অপৰিসীম সম্ভাৱনা আৰু কৌশলগত অৱস্থানৰ সুযোগক অৰ্থনৈতিক বিকাশলৈ ৰূপান্তৰিত কৰাৰ কাম ত্বৰান্বিত কৰিলে কেৱল মোদীয়ে। কংগ্ৰেছৰ অপশাসনৰ যুগত অৱহেলিত হৈ থকা ঐতিহাসিক ধুবুৰী বন্দৰে এতিয়া যথাযথ মনোযোগ আৰু বিনিয়োগ লাভ কৰিছে , যাৰ ফলত সমগ্ৰ অঞ্চলটো এক গুৰুত্বপূৰ্ণ আমদানি-ৰপ্তানি তথা বাণিজ্যৰ কেন্দ্ৰ হিচাপে গণ্য হৈছে ।” সোণোৱালে লগতে কয়- “কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। দুয়োটা দলে সংখ্যালঘু সম্প্ৰদায়ক দীৰ্ঘদিন ধৰি কেৱল ভোটবেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে । তাৰ বিপৰীতে মোদী চৰকাৰৰ দিনতেই সংখ্যালঘুসকলৰ প্ৰকৃত সবলীকৰণ সম্ভৱ হৈছে । এনডিএ চৰকাৰে সংখ্যালঘুসকলক দেশৰ সৰ্বাংগীণ বিকাশ যাত্ৰাত সমভাগীদাৰী কৰিছে আৰু সবকা সাথ, সবকা বিকাশ নীতিক সাৰ্থকতা প্ৰদান কৰিছে । আমাৰ ৰাজনীতিৰ অৰ্থ সংঘাত নহয়, সমন্বয়হে ।” জলপথৰ জৰিয়তে পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়- “অসমৰ গৌৰৱ ব্ৰহ্মপুত্ৰ অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ ২-ৰ অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰি মোদী চৰকাৰৰ বলিষ্ঠ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ভাৰত-বাংলাদেশ সীমান্তৰ মুখ্য বন্দৰ হিচাপে ধুবুৰীয়ে যথেষ্ট গুৰুত্ব লাভ কৰিছে । দীৰ্ঘদিন ধৰি অচল হৈ থকা ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট (আইবি পি আৰ)ৰ জৰিয়তে এতিয়া যাত্ৰীৰ লগতে সামগ্ৰীৰ চলাচল বৃদ্ধি হৈছে ।

এই আইবিপিআৰ জলপথটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত হোৱা ভাৰত- বাংলাদেশৰ সম্পৰ্ক বৃদ্ধিৰ পোনপটীয়া ফলাফল। আশাৰীকান্দিৰ বিখ্যাত টেৰাকোটা শিল্পয়ো পৰ্যটকৰ দৃষ্টি যথেষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জিআই টেগ লাভ কৰাৰ ফলত এই শিল্পৰ প্ৰসাৰ আৰু গুৰুত্ব বৃদ্ধি পাইছে ।” এনডিএ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক পদক্ষেপসমূহ সন্দৰ্ভত আলোকপাত কৰি সৰ্বানন্দ সোণোৱালে কয়- “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অক্লান্ত প্ৰতিশ্ৰমৰ বাবে উত্তৰ-পূবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ইঞ্জিন হিচাপে পৰিৱৰ্তিত হৈছে । ধুবুৰীয়ে ইয়াৰ কৌশলগত অৱস্থানৰ বাবে এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিছে । ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলং ভাৰতৰ আটাইতকৈ দীঘলীয়া নদী দলং হ’বলৈ গৈ আছে । আমাৰ চৰকাৰে ৮০০ কোটি টকা ব্যয়েৰে বক্সিৰহাটৰ পৰা বিলাসীপাৰালৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামো ক্ষিপ্ৰতৰ কৰিছে । আনহাতে, ৰিভাৰ ফ্ৰণ্ট উন্নয়ন কাৰ্যসূচীৰ অধীনত পঞ্চুঘাটলৈ কে ডিজাইন কৰা লেণ্ডস্কেপ, নতুন বজাৰৰ বিকাশ, ধুবুৰীৰ ঐতিহ্যবাহী ভৱন সংৰক্ষণ, অন্যান্য আন্তঃগাঁথনিমূলক পদক্ষেপৰ লগতে দৃশ্যমান হ’ব।”

You might also like