নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাক ভেলীৰ দুখন আসনতে বিপুল ভোটত বিজেপি জিকাৰ দাবী শুক্লবৈদ্যৰ

নিয়মীয়া বাৰ্তা, ৪ মে’ : আজি ধুবুৰীৰ লায়ঞ্চ ক্লাব প্ৰেক্ষাগৃহত আয়োজিত এখন নাগৰিক সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰ কেবিনেট মন্ত্ৰী তথা শিলচৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই। সভাখনৰ পূৰ্বে সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ অসমৰ বৰাক ভেলীৰ কৰিমগঞ্জ আৰু শিলচৰ দুয়োখন আসনতে বিজেপিয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম এগৰাকী ভাল ব্যক্তি বুলি অভিহিত কৰে আৰু তেওঁক নিৰ্বাচিত কৰি আনিলে ধুবুৰীৰ সামগ্রিক বিকাশত ইছলামৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বুলি মন্তব্য কৰে। আনহাতে, এইবাৰ লোকসভা নিৰ্বাচনত এনডিএই ৪শৰো অধিক আসনত বিজয়ী হ’ব বুলিও দাবী কৰে পৰিমল শুক্লবৈদ্যই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like