নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত সাত দিনে বিদ্যুৎ সৰবৰাহ বন্ধঃ পানী বুৰ গ’ল তিনিটাকৈ বিদ্যুত যোগান উপকেন্দ্ৰ

নিয়মীয়া বাৰ্তা, ২৬ জুন: প্ৰলয়ংকাৰী বানে তচনচ কৰা নগাঁও জিলাৰ দুই ৰাজহ চক্ৰৰ ৰহা আৰু কামপুৰৰ বিস্তৃত এলেকাত আজি সাতদিনে ব্যাহতহৈ আছে বিদ্যুত সেৱা। ভয়াৱহ কপিলীৰ বানে কলঙ,হাৰিয়া, তিতাইমাৰী, বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি কৰাৰ পাছত নদী সমূহৰ দাঁতিকাষৰীয়া অঞ্চলত বানে বুৰাই পেলোৱাত আজি সাত দিনেই বৃহত্তৰ এলেকাটোত বিজুলী যোগান বন্ধহৈ পৰাত তীব্ৰ সমস্যাত পৰিছে জনতা। এফালেদি বানপানীৰ তাণ্ডৱত গৃহহীন পৰিয়ালৰ পদপথত আশ্ৰয়, আনফালেদি অন্ধকাৰতে থাকিব লগা কাৰ্যই যমৰ যাতনা ভোগাইছে। এই ক্ষেত্ৰত ৰহা বিদ্যুত উপসংমণ্ডলৰ শাখা প্ৰবন্ধক গৌতম শৰ্মাই সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি তিনিটাকৈ বিদ্যুত যোগান উপকেন্দ্ৰৰ ভিতৰত দুটা কেন্দ্ৰতে বানপানীয়ে ডুবাই পেলোৱাত গ্ৰাহকক বিদ্যুত যোগান দিবলৈ সক্ষম হোৱা নাই। বিষয়া গৰাকীৰ তথ্য অনুসৰি ৰহাত বিদ্যুৎ উপসংমণ্ডলৰ অধীনত থকা ৰহা বিদ্যুত যোগান উপ-কেন্দ্ৰৰ চাৰিটা ফিডাৰ , বাৰপূজীয়া উপকেন্দ্ৰৰ চাৰিটা ফিডাৰ , জে,বি গড় উপ-কেন্দ্ৰৰ চাৰিটা ফিডাৰৰ মুঠ বাৰটা ফিডাৰৰ বহুকেইটা বৈদ্যুতিক টেন্সফমাৰ আৰু গ্ৰাহকৰ ঘৰ পানীত ডুব যোৱা আৰু ৰহা গড়মাৰীত থকা বিদ্যুৎ যোগানৰ উপ-কেন্দ্ৰ আৰু বাৰপূজীয়াত থকা বিদ্যুৎ যোগান  উপ-কেন্দ্ৰত পানী সোমাই পেনেল ব’ৰ্ড পৰ্যন্ত বুৰাই পেলোৱাৰ বাবেই ৰহাৰ বিভিন্ন অঞ্চলত বিজুলী যোগান বন্ধ হৈ আছে। ইয়াৰে মাত্ৰ জে,বি গড়ৰ সন্মুখত  উপ-কেন্দ্ৰত অন্য এক লাইনৰ জৰিয়তে ৰহা ফিডাৰৰ মাত্ৰ পাঁচ হাজাৰ গ্ৰাহককহে বিদ্যুৎ যোগান লাভ কৰিবলৈ সক্ষম হৈছে। এই দুৰৱস্থা দুৰ কৰিবলৈ বিদ্যুত বিভাগৰ কৰ্মচাৰী সকলে দিনে নিশাই কাম কৰি আছে আৰু অতি সোনকালে পানী শুকালেই সকলোৱে বিদ্যুত লাভ কৰিব।লগতে কালি ৰহা গড়মাৰী বিদ্যুত যোগান উপকেন্দ্ৰ পৰিদৰ্শন কৰি নগাঁও জিলা বিদ্যুত বিভাগৰ সহকাৰী মহাপ্ৰবন্ধক  দুলু বৰ্মনে পানী কমাৰ পিছতেই পৰ্যায় ক্ৰমে এখন এখনকৈ সকলো গাঁৱত বিজুলী সৰবৰাহৰ ব্যৱস্থা কৰিব পৰা যাব আৰু এই ক্ষেত্ৰত সকলো ৰাইজৰ সহায়-সহযোগ অতি প্ৰয়োজন  বুলি মন্তব্য কৰে।জিলা বিষয়া গৰাকীয়ে বানপানীত  বিদ্যুত বিভাগৰ বহু পৰিমাণৰ ক্ষয়-ক্ষতি হৈছে বুলিও মন্তব্য কৰে।

প্ৰেৰক ভৱজ্যোতি ডেকা

You might also like