নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিউজ লাইভ’ৰ ভিডিঅ’ জাৰ্নেলিষ্ট-সাংবাদিক সঞ্জয় নাগক প্ৰসন্ন দত্ত সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান

বিশেষ বাৰ্তা, ২৬ জুনঃ ২০০৯ চনৰ পৰা প্ৰায় ১৩ বছৰ ধৰি সংবাদ সেৱা কৰি অহা মৰাণৰ  সাংবাদিক সঞ্জয় নাগক ২০২১ বৰ্ষৰ প্ৰসন্ন দত্ত সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁ‌টা ২৫ জুনত প্ৰদান কৰা হয় । ৰাজ্যখনৰ মফচলীয় সাংবাদিকসকলৰ অন্যতম সংগ্ৰামী সংগঠন আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ্ ইউনিয়ন চমুকৈ ‘আপকু’ৰ শিৱসাগৰ জিলা সমিতিয়ে এই বঁ‌টা প্ৰদান কৰে সাংবাদিকগৰাকীক । কৃতী ছাত্ৰ ‘অন্তৰীক্ষ দত্ত স্মৃতি ৰক্ষা সমিতি’ৰ যৌথ উদ্যোগত আয়োজন কৰা স্মাৰক বক্তৃতানুষ্ঠানত নকটানি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰদান কৰা হয় এই বঁ‌টা । এই বঁ‌টাৰ লগত এখন প্ৰশংসা পত্ৰ আৰু নগদ ধনৰ টোপোলা আগবঢ়োৱা হয় । আপকুৰ কেইবাজনো কেন্দ্ৰীয় সমিতিৰ নেতা আৰু কৰ্মী উপস্থিত থকা অনুষ্ঠানটোত কেইবাজনো মেধা আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক ভাৱে ধনৰ টোপোলা আগবঢ়োৱা হয় । উল্লেখযোগ্য যে ১৯৮০ চনত মাহমৰা হিংৰিজান চাহ বাগিচাত জন্ম গ্ৰহণ কৰা সঞ্জয় নাগে ২০০৯ চনৰে পৰা সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল । ইয়াৰ পিছৰে পৰা সাংবাদিকগৰাকীয়ে অবিৰতভাৱে সংবাদ সেৱা আগবঢ়াই আহিছে । তেওঁ বৰ্তমান জনপ্ৰিয় ছেটেলাইট চেনেল ‘নিউজ লাইভ’ৰ ভিডিঅ’ জাৰ্নেলিষ্ট হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে । সাংবাদিকগৰাকীক মৰাণৰ বহু দল-সংগঠন আৰু ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰেৰক : দীপাংকৰ পাল

You might also like