নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্র পথেৰে উত্তৰ কোৰিয়াত প্রৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ প্রতিৰোধৰ যুঁজ অধিক কঠোৰ কৰি তুলিছে উত্তৰ কোৰিয়াই৷ কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনে প্রতিবেশী দক্ষিণ কোৰিয়াৰ সৈতে থকা সীমান্ত অঞ্চলত মানুহৰ প্রৱেশ ইতিমধ্যে নিষিদ্ধ কৰিছে৷ শেহতীয়াকৈ বিদেশৰ পৰা যাতে উত্তৰ কোৰিয়ালৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটিব নোৱাৰে সেই বিষয়টোৰ ওপৰত নজৰ ৰাখি সমুদ্র পথেৰে দেশখনত প্রৱেশৰ ক্ষেত্রত কঠোৰ নীতি বলৱৎ কৰিছে চৰকাৰে৷

উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ সংবাদ মাধ্যমত প্রকাশ পোৱা প্রতিবেদন অনুসৰি সমুদ্র পথেৰে দেশখনত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ স্মর্তব্য যে ক’ভিড–১৯ মহামাৰীত উত্তৰ কোৰিয়াত এজনো লোক সংক্রমিত হোৱা নাই বুলি দাবী কৰি আছে দেশখনৰ চৰকাৰে৷ দক্ষিণ কোৰিয়াৰ পৰা এগৰাকী লোকে উত্তৰ কোৰিয়ালৈ ক’ভিড–১৯ৰ সংক্রমণ ঘটোৱা বুলি সংবাদ মাধ্যমে প্রকাশ কৰিছিল যদিও এই সন্দর্ভত চৰকাৰে কোনো ধৰণৰ প্রতিক্রিয়া প্রকাশ নকৰিলে৷

শীতকালত যাতে দেশখনত বিদেশৰ পৰা ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ ঘটিব নোৱাৰে সেই দিশটোৰ ওপৰত নজৰ ৰাখিয়েই সমুদ্র পথৰ নিৰাপত্তা কটকটীয়া কৰাৰ নির্দেশ দিছে শীর্ষ নেতা কিম জং–উনে৷

You might also like