নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিল্লীত বিজেপিত যোগদান কৰিব কংগ্ৰেছত্যাগী প্ৰদ্যুৎ বৰদলৈয়ে

কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুত বৰদলৈয়ে। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই যোগদান অনুষ্ঠানত দলটোৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব।

উল্লেখযোগ্য যে, মঙলবাৰে নিশা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতে বৰদলৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। তাৰ পিছতেই তেওঁ বিজেপিত যোগদানৰ বাবে সাজু হোৱা বুলি স্পষ্ট হৈ পৰে।

সূত্ৰ অনুসৰি, আজি দুপৰীয়া ১২ বজাত দিল্লীত তেওঁ বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। যোগদানৰ লগে লগেই তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিব পাৰে।

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰদলৈৰ বাবে এখন আসন সংৰক্ষিত থকাৰ ইঙ্গিত দিছিল। ৰাজনৈতিক মহলত আলোচনা চলিছে যে তেওঁ দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ’ব পাৰে।

আজিৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতেই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত স্পষ্ট হ’ব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৮ মাৰ্চ

You might also like