নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ দিনৰ পিছত বিটিআৰত হাগ্রামা মহিলাৰীৰ দাদাগিৰি নাথাকিব

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ ‘মহামাৰী ক’ৰোনাৰ সংক্রমণৰ পৰিপ্রেক্ষিতত নির্দিষ্ট সময়তকৈ পলমকৈ অনুষ্ঠিত বিটিচি নির্বাচনে এক নতুন দিগন্তৰ সূচনা কৰিব৷ ভাল ফল পাবলৈ পৰিশ্রম কৰিব লাগিব৷ কষ্ট কৰিব লাগিব৷ অপেক্ষাও কৰিব লাগিব৷ বিটিআৰত বসবাস কৰা ৰাইজেও আঠ মাহ অপেক্ষা কৰাৰ পিছত এটা ভাল ফল পাবলৈ সক্ষম হ’ব৷ কাৰণ বিটিআৰত ৰাজনৈতিক পৰিৱর্তন আহিব৷’ –এই মন্তব্য ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ৷ বাক্সা জিলাৰ ২৫নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ প্রার্থী কাতিৰাম বডোৰ হৈ নির্বাচনী প্রচাৰত অংশ লৈ দেৱচাৰাত আয়োজিত এখন বিশাল সভাত বড়োৱে কয় যে বিগত সোতৰ বছৰে হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচিত বিপিএফে গণতন্ত্র ধবংস কৰিছে৷

বিটিচিত গণতন্ত্র প্রতিষ্ঠা কৰাত হাগ্রামা বাহিনীয়ে বাধা দি আহিছিল৷ এতিয়া অহা ১২ ডিচেম্বৰৰ পিছত বিটিআৰত নতুনকৈ গণতন্ত্র প্রতিষ্ঠা হ’ব৷ বিগত সময়ছোৱাত বিটিআৰত হত্যা–হিংসাৰ লগতে উগ্রপন্থী দমনৰ নামত সেনা–আৰক্ষীৰ দ্বাৰা ৰাইজ নির্যাতনৰ বলি হৈছিল৷ ৰাইজে এক আতংকময় পৰিৱেশৰ মাজত কটাবলগীয়া হৈছিল৷ ২০০৩ চনত সম্পাদিত বিটিচি চুক্তিৰ পিছত ৰাইজে বহু আশা কৰিছিল চুক্তিকাৰী সংগ্রামী নেতাসকলৰ পৰা৷ পিছে সংগ্রামী নেতাসকলে চুক্তিখনৰ জৰিয়তে কোনো ন্যায় বা সুৰক্ষা দিবলৈ সক্ষম নহ’ল৷

তাৰ বিপৰীতে ৰাইজক দমন, উৎপীড়নহে কৰিলে৷ ৰাইজে ভাবিবলৈ বাধ্য হ’ল বিটিচি মানে হিংসা৷ বিটিচি মানে এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীক ঘৃণা কৰা৷ হাগ্রামা মহিলাৰীৰ নেতৃত্বত সমগ্র অঞ্চলটোতে এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছিল৷ ইউপিপিএলৰ সভাপতিজনে বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীক তীব্র ভাষাৰে সমালোচনা কৰি পুনৰ কয় যে হাগ্রামা মহিলাৰীৰ এই মিছনক সফল কৰি তুলিবলৈ সহযোগ কৰিছিল বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্রাক্তন এম চি এল এ তথা বর্তমানৰ বিপিএফ প্রার্থী ফলীন্দ্র বসুমতাৰীয়ে৷

তেওঁ কয় যে ঈশ্বৰে সদায় মানুহক ন্যায় প্রদান কৰে৷ মানুহ ঈশ্বৰৰ সন্তান৷ হাতত পিষ্টল, লাঠী থাকিলে কিছু সময় নিজকে বহুত ক্ষমতাশালী বুলি ভাবিব পাৰে৷ পিছে সেয়া ক্ষন্তেকীয়া৷ পোন্ধৰ দিন পিছত বিটিআৰত না হাগ্রামাৰ দাদাগিৰি থাকিব না ফলীন্দ্র বসুমতাৰীৰ দাদাগিৰি থাকিব৷ কাৰণ বিটিআৰত ইউ পি পি এলৰ চৰকাৰ আহিব৷ ইউ পি পি এলৰ চৰকাৰ হ’লে দাদাগিৰি কৰা লোকসকলক বিটিআৰৰ পৰা খেদি পঠিওৱাৰ তেওঁ হুংকাৰ দিয়ে৷ তেওঁৰ স্পষ্ট ঘোষণা– দুর্নীতি, ভ্রষ্টাচাৰত লিপ্ত লোকসকলক এজন এজনকৈ বাছি উলিওৱা হ’ব৷

তেওঁলোকে ৰাইজৰ লগত থাকি ৰাইজৰ উন্নয়নৰ কাম নকৰিলে চিৰদিনৰ বাবে বিটিআৰৰ বাহিৰলৈ খেদি দিয়া হ’ব৷ বডোৱে কয় যে হাগ্রামা মহিলাৰীয়ে মোক ব্যক্তিগতভাৱে আক্রমণ কৰিছে কৰক, মোৰ ক’বলগীয়া নাই৷ কিন্তু বিটিআৰ চুক্তিক লৈ অযথা বিতর্ক কৰাটো যুক্তিসংগত নহয়৷ কাৰণ চুক্তিখনক দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রশংসা কৰিছে৷ ২৭ জানুৱাৰীত সম্পাদিত এই চুক্তিখনৰ পিছত বিপিএফৰ গুণ্ডা বাহিনীয়ে দুই–এটা ঘটনা সংঘটিত কৰাৰ বাহিৰে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই৷

বাগানপাৰা ব্লক ইউ পি পি এলৰ নেতা প্রিন্স কর্নেল বডোৱে আঁত ধৰা সভাখনত বডোৱে ভাষণ দি পুনৰ কয় যে বিটিআৰত হাগ্রামা মহিলাৰীৰ দাদাগিৰি নচলিব৷ বিগত সময়ছোৱাত বিটিএডিত বসবাস কৰা জাতি–জনগোষ্ঠীসকলে কি পালে? উন্নয়নৰ নামত অহা অধিকাংশ ধনে মদ–মাংস খায়েই শেষ কৰিলে৷ কিন্তু বিটিআৰ চুক্তিৰ জৰিয়তে যিখিনি আনিব পাৰিছোঁ বিগত সোতৰ বছৰে সেইখিনি আনিবলৈ সক্ষম নহ’ল হাগ্রামা মহিলাৰীয়ে৷ বিটিআৰ চুক্তিৰ পিছত হাগ্রামাৰ টকা ঘটা দোকান বন্ধ হৈ গ’ল৷

ইউ পি পি এলৰ কেন্দ্রীয় উপ–সভাপতি সাধন বৈশ্যই উদ্বোধন কৰা নির্বাচনী সভাৰ পিছত সভাপতি বডোৱে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত বিজেপিৰ সৈতে মিত্রতা সন্দর্ভত কয় যে বিজেপিৰে মিত্রতা সম্পর্কত এতিয়া একো ভবা নাই, বতৰটো চাব লাগিব৷ বতৰলৈ চাইহে মিত্রতা সম্পর্কে চিন্তা কৰিম৷ এদিন হাগ্রামা অকলশৰীয়া হ’ব সেইটো খাটাং বুলি তেওঁ দাবী কৰে৷ বিটিআৰত চৰকাৰ গঠন কৰা সন্দর্ভতো গুৰুত্বপূর্ণ মন্তব্য কৰে বড়োৱে৷

তেওঁ কয় যে এতিয়ালৈ অকলে আহিছোঁ অকলে যাম৷ ইউ পি পি এলে চৰকাৰ গঠন কৰিব৷ কাৰো লগত মিত্রতা নাই৷ হাগ্রামাৰ সোতৰ বছৰীয়া শাসন কালত অপশাসন–দুর্নীতিয়ে ছানি ধৰিছে৷ ৰাইজে পৰিৱর্তন বিচাৰিছে৷ গতিকে ইউ পি পি এলৰ চৰকাৰ হ’ব৷ তেওঁ কয় যে হাগ্রামা মহিলাৰীৰ এতিয়া ৰাইজক লৈ একো ক’ব লগা নাই, একো আঁচনি নাই, একো মিছন নাই, কেৱল মদ খাব লাগে দাদাগিৰি কৰিব লাগে সেইটোহে জানে৷ ইফালে আগন্তুক বিটিচি নির্বাচনত ৩০খনতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে তেওঁ৷

You might also like