নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘৮০ টকীয়া পিঁয়াজ বাদ দিয়ক, পাঁচফোৰণ খাওক’

নিয়মীয়া বাৰ্তা, ৬ নবেম্বৰঃ যি পৰ্যায়ত মূল্যবৃদ্ধি হৈছে তাৰ বহু বেছিকৈ বিৰোধীয়ে কথাটো ৰৌজাল-বৌজাল কৰিছে। নতুন পিঁয়াজ অহাৰ লগে লগে পিঁয়াজৰ দাম কৰি যাব। ৮ৰ পৰা ১০ টকা প্ৰতিকেজিত কিনিব পাৰিব। দাম কমিলে চৰকাৰক ধন্যবাদ নিদিয়ে। এই মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ।

তেওঁ লগতে কয় যে বৰ্তমান সময়ত পিঁয়াজটো মূল বিষয় হ’ব নালাগে। কিয়নো পিঁয়াজৰ বিপৰীতে আমি পাচফোৰণ ব্যৱহাৰ কৰিব পাৰো। গ্ৰামাঞ্চলৰ ৰাইজে পিঁয়াজ নহয় পাচফোৰণ ব্যৱহাৰ কৰে। মুৰ্গীৰ মাংস ৰান্ধিলে ২টা পিঁয়াজ তেওঁলোকক লাগে বুলি মন্তব্য বিধায়ক ফুকনৰ। প্ৰায় ২কেজিৰ পৰা আঢ়ৈ কেজি পিয়াজ এঘৰ মানুহৰ গৰত দৰকাৰ হয়। মেথি গুটিকে ধৰি পাঁচ ফোৰণত থকা সকলো উপাদান স্বাস্থ্যৰ বাবে ভাল বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে বিধায়ক প্ৰশান্ত ফুকনে।

You might also like