নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্ৰাম্পক দিলে উচিত শিক্ষা… ১১ মাহৰ অন্তত গ্ৰেটা থুনবাৰ্গে ল’লে প্ৰতিশোধ

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনাৰ মাজতে ঘটিছে এটা মজাৰ ঘটনা। এগৰাকী ১৭ বছৰীয়া যুৱতী তথা ছুইডেনৰ বিশ্ব পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে ড’নাল্ড ট্ৰাম্পক ট্ৰাম্পৰে এটা মন্তব্যৰে কৰিছে টুইট। পেৰিছ জলবায়ু চুক্তিৰ পৰা আঁতৰি অহা তথা বিশ্ব পৰিৱেশক লৈ উদাসীন আমেৰিকাক লৈ ক্ষুব্ধ পৰিৱেশ কৰ্মী গ্ৰেটাই তদানীন্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সমালোচনা কৰিছিল তেওঁৰ স্থিতিৰ বাবে।

২০১৯ৰ ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে গ্ৰেটাক লক্ষ্য কৰি দিছিল এটা পোষ্ট। এতিয়া সেই একেটা পোষ্টেই ট্ৰাম্পলৈ কৰিছে গ্ৰেটাই। ১১ মাহ অপেক্ষাৰ অন্তত গ্ৰেটাই কৰা পোষ্টে মনোৰঞ্জনৰ খোৰাক দিছে সকলোকে।

আমেৰিকাৰ নিৰ্বাচনৰ ভোটগণনাৰ সময়ত ভোট চুৰি তথা আন অভিযোগক লৈ ড’নাল্ড ট্ৰাম্পে টুইটত কৈছিল- STOP THE COUNT। ইয়াৰ পিছত গ্ৰেটাই ট্ৰাম্পক লক্ষ্য কৰি লিখিলে- ‘ইমান হাস্যকৰ, ড’নাল্ডে নিজৰ এংগাৰ মেনেজমেণ্ট সমস্যাক লৈ কাম কৰা উচিত। তেওঁ বন্ধুৰ লগত পুৰণি ছবি চোৱা উচিত, চিল ডনাল্ড চিল!’

২০১৯ৰ ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে গ্ৰেটাক লৈ একেখিনি কথাই কৈছিল।

সেই সময়ত জলবাযু পৰিৱৰ্তনক লৈ প্ৰবল আন্দোলন সৃষ্টি কৰা গ্ৰেটাই প্ৰকাশ কৰা খঙক লৈ ট্ৰাম্পে কৰা মন্তব্যই কিদৰে জ্বলাই ৰাখিছিল গ্ৰেটাক ইয়াৰ পৰা জানিব পাৰি। সাহসী পৰিৱেশ কৰ্মীগৰাকীৰ এই মন্তব্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে বিশ্বত।

You might also like